বিয়াৰ পিছত পত্নি কেটৰিনাৰ সৈতে প্ৰথমটো জন্মদিন পালন কৰিলে বিকি কৌশলে, নিউয়ৰ্কৰ পৰা শ্বেয়াৰ কৰিলে জন্মদিৰ ফটো


 বলীউড অভিনেতা বিকি কৌশলে (Vicky Kaushal) আজি ৩৪ বছৰীয়া হৈছে আৰু অভিনেত্ৰী-পত্নী কেটৰিনা কাইফ (Katrina Kaif)ৰ সৈতে নিউয়ৰ্ক (New York)ত এই বিশেষ দিনটো উদযাপন কৰি আছে। এইটোৱে যোৱা বছৰ তেওঁলোকৰ বিয়াৰ পিছত কেটৰিনাৰ সৈতে বিকিৰ প্ৰথমটো জন্মদিন (Vicky Kaushal Birthday)। দম্পতীয়ে কেইদিনমান আগতে বিনোদনৰ বাবে আমেৰিকা (US)লৈ যাত্ৰা কৰিছিল। সোমবাৰে আবেলি, কেটৰিনাই নিউয়ৰ্কত বিকিৰ জন্মদিন উদযাপনৰ কেইখনমান ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে।

ফটোবোৰ এখন ছাদত তোলা যেন লাগিছে, পিছফালে ওখ অট্টালিকা আছে। বিকিক এখন ফটোত পিছফালৰ পৰা কেটৰিনাক আলিঙ্গন কৰা আৰু দ্বিতীয়খনত চুম্বন কৰা দেখা গৈছে।

যোৱা সপ্তাহত, বিকিয়ে তেওঁলোকৰ অৱসৰ-বিনোদনৰ সময়ত কেটৰিনাৰ সৈতে তোলা এখন আকৰ্ষণীয় ফটো শ্বেয়াৰ কৰিছিল য'ত দুয়োকে এটা ৰাস্তা পাৰ হোৱা দেখা গৈছিল আৰু বিকিয়ে কেটৰিনাৰ কান্ধত হাত থৈ গৈ আছিল। একেলগে কিছু আনন্দৰ সময় অতিবাহিত কৰা বিকি আৰু কেটৰিনাই প্ৰিয়ংকা চোপ্ৰা (Priyanka Chopra)ৰ ৰেষ্টুৰেণ্ট সোনা (Sona)লৈকো গৈছিল আৰু এখন ফটোও পোষ্ট কৰিছিল।

ইফালে, বিয়াৰ পিছত শেহতীয়াকৈ কেটৰিনা কাইফৰ গৰ্ভধাৰণ ( Katrina Kaif pregnancy)ৰ উৰাবাতৰি আৰম্ভ হোৱাৰ লগে লগে বিকি কৌশল আৰু কেটৰিনা কাইফে পুনৰ বাতৰিৰ শিৰোনাম দখল কৰিছে। খবৰ মতে কেটৰিনা কাইফ হেনো ইতিমধ্যে ২ মাহৰ গৰ্ভৱতী। অৱশ্যে বিকি কৌশলৰ মুখপাত্ৰই উৰাবাতৰিটো অস্বীকাৰ কৰে আৰু বাতৰিটোক অসত্য বুলি অভিহিত কৰে।

Post a Comment

0 Comments