প্ৰথমবাৰলৈ ভাৰতে জয় কৰিলে থমাছ কাপ, বেডমিণ্টনৰ ইতিহাসত নতুন অভিলেখ

 


ইতিহাস সৃষ্টি কৰি ভাৰতে আজি জয় কৰিলে থমাছ কাপ (Thomas Cup)। বেডমিণ্টনৰ সন্মানীয় প্ৰতিযোগিতাখনৰ ফাইনেলত ইণ্ডোনেছিয়াক পৰাস্ত ( India Beat Indonesia in Thomas Cup) কৰি ভাৰতে জয় কৰে খিতাপ।

১৪বাৰৰ চেম্পিয়ন ইণ্ডোনেছিয়াৰ দলক ৩-০ৰ ব্যৱধানত পৰাস্ত কৰে ভাৰতীয় দলটোৱে।

প্ৰথমবাৰলৈ ভাৰতে জয় কৰিছে থমাছ কাপৰ খিতাপ।

এই বিজয়ী ভাৰতীয় দলটোত আছে লক্ষ্য সেন (Lakshya Sen), কিদাম্বী শ্ৰীকান্ত (Kidambi Srikant), চিৰাগ ছেট্টী (Chirag Shetty), সাত্বিকসৈৰাজ ৰংকিৰেড্ডী(Satwik sairaj Ranki reddy)।

৫ খন মেচৰ ফাইনেলত ইণ়্ডোনেছিয়াক ৩-০ ব্যৱধানত পৰাজিত কৰে ভাৰতে।

Post a Comment

0 Comments