বিদেশত থকা ৰাহুল গান্ধীৰ ভিডিঅ' ভাইৰেল, নৈশ ক্লাৱত পাৰ্টী কৰি থকা বুলি বিজেপিৰ আক্ৰমণ


 দেশত কংগ্ৰেছ (Congress) দলক উদ্ধাৰৰ বাবে দলৰ মজিয়াত চিন্তা-চৰ্চা চলি থকাৰ মাজতে ভাইৰেল হৈছে কংগ্ৰেছৰ নেতা তথা গান্ধী পৰিয়ালৰ যুৱৰাজ ৰাহুল গান্ধী (Rahul Gandhi)য়ে (অভিযোগমতে) নৈশ ক্লাৱত পাৰ্টী কৰি থকাৰ ভিডিঅ' (Rahul Gandhi Viral Video)। জানিব পৰা মতে এজন বিজেপি (BJP) নেতাই এই ভিডিঅ'টো ভাইৰেল কৰিছে। ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছতে বিজেপি শিবিৰৰ পৰা ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে।

ভিডিঅ'টো শ্বেয়াৰ কৰি বিজেপি নেতাজনে অভিযোগ কৰা মতে ৰাহুল গান্ধীয়ে নৈশ ক্লাৱত পাৰ্টী কৰি আছে। কাষত কোনোবা মহিলাও আছে। অভিযোগ মতে কোনোবা বহিৰাষ্ট্ৰৰ নৈশ ক্লাৱৰ এই দৃশ্য। ভাইৰেল হোৱাৰ পিছতে বিজেপিৰ মুখপাত্ৰ অমিত মালব্য, বিজেপি নেতা মনোজ তিৱাৰী আৰু কেন্দ্ৰীয় কিৰেন ৰিজিজু (Kiren Rijiju)ৱেও কটাক্ষ কৰিছে ৰাহুল গান্ধী আৰু গান্ধী পৰিয়ালক।

Post a Comment

0 Comments