সকলোকে আচৰিত কৰি ইউক্ৰেইন ভ্ৰমণ কৰিলে এঞ্জেলিনা জলীয়ে, শৰণাৰ্থীসকলৰ সৈতে মধ্যাহ্ন ভোজন কৰে, চিকিৎসালয়ত শিশুসকলৰ ল'লে খবৰ


 হলিউড (Hollywood)ৰ অভিনেত্ৰী আৰু ৰাষ্ট্ৰসংঘৰ মানৱতাবাদী এঞ্জেলিনা জলী (Angelina Jolie)য়ে শনিবাৰে যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পশ্চিম প্ৰান্তৰ লিভিভ চহৰ (Lviv, Ukrainian) ভ্ৰমণ কৰে। জলীয়ে লিভিভত আশ্ৰয় লৈ থকা লোকসকলৰ সৈতে কথা পাতিবলৈ আৰু পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হৈছিল। জলী ২০১১ চনৰ পৰা শৰণাৰ্থীসকলৰ বাবে ৰাষ্ট্ৰসংঘৰ মানৱ  অধিকাৰ আয়োগৰ বিশেষ দূত (UNHCR Special Envoy for Refugees) হৈ আছে।

জলীৰ ইউক্ৰেইন ভ্ৰমণৰ কেইবাখনো ছবি সামাজিক মাধ্যমত প্ৰকাশ পাইছে। এখন ফটোত, জলীক লিভিভ ৰেল ষ্টেচনত ৰাছিয়াৰ সৈতে যুদ্ধ (Ukraine Russia War)ৰ ফলত স্থানচ্যুত হোৱা শৰণাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰা দেখা গৈছে। অভিনেত্ৰীগৰাকীয়ে ইউক্ৰেইনৰ লিভিভত ক্ৰামাটৰ্স্ক ৰে'লৱে আক্ৰমণত আহত শিশুসকলক লগ কৰিবলৈ এখন চিকিৎসালয়ও পৰিদৰ্শন কৰিছিল।

Post a Comment

0 Comments