অমিত শ্বাহ আহিব, দুদিনৰ বাবে মহানগৰীত যান–বাহন চলাচলৰ পথ সলনি


 কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। গৃহমন্ত্ৰী অহাৰ পূৰ্বে মহানগৰীৰ ৰাজপথত যান-বাহনৰ চলাচলৰ পথ সলনি কৰা হৈছে।

৯ মে’ৰ পুৱা ৪ বজাৰ পৰা নিশা ৯ বজালৈ আৰু ১০ মে’ৰ পুৱা ৪ বজাৰ পৰা নিশা ১০ বজালৈ গুৱাহাটী মহানগৰীৰ অন্তৰ্গত ২৭নং আৰু ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত চাৰি চকীয়া বা ততোধিক চকাযুক্ত বাণিজ্যিক বাহনসমূহ চলাচল কৰাত বাধা।

৯ মে’ৰ আবেলি ৪ বজাৰ পৰা নিশা ৯ বজালৈ সকলো ধৰণৰ বাণিজ্যিক বাহন এম জি ৰোড, ডি জি ৰোড, এ টি ৰোড, এম ডি ৰোড, কে এল বি ৰোড, তইবুল্লাহ ৰোড, জি এন বি ৰোড, বি বৰুৱা ৰোড আৰু জি এছ ৰোডত চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰদান কৰা হৈছে।

১০ মে’ ২০২২ তাৰিখে পুৱা ৮ বজাৰ পৰা দিনৰ ২ বজালৈ সকলো ধৰণৰ লঘু, মধ্যম বা ডাঙৰ বাণিজ্যিক যান–বাহনসমূহ বি বৰুৱা ৰোড, বি কে কাকতি ৰোড আৰু ডি এন বি ৰোডত চলাচল কৰিব নোৱাৰিব।

Post a Comment

0 Comments