ভাৰতীয় বায়ু সেনাৰ সহযোগত হেলিকপ্টাৰেৰে হাফলঙলৈ পঠিওৱা হৈছে খাদ্য সামগ্ৰী ! উদ্ধাৰ অভিযানৰ বাবে উপস্থিত হৈছে NDRFৰ দল ...


 দুৰ্যোগত আৱদ্ধ লোকসকলৰ অধিক অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ বাবে বৃহস্পতিবাৰে গুৱাহাটীৰ পৰা হাফলং, ডিমা হাচাওলৈ সকলো প্ৰয়োজনীয় সঁজুলিসহ ২০ জনীয়া ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ (এনডিআৰএফ) জোৱানৰ এটা দলক পঠিওৱা হৈছে।

ৰাজ্যখনৰ বৰ্তমানৰ বান পানী আৰু ভূমিস্খলনৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তত্বাৱধানত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সংশ্লিষ্ট অংশীদাৰসকলক নিযুক্ত কৰি আৰু গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত জিলাসমূহ, বিশেষকৈ ডিমা হাচাও আৰু বৰাক উপত্যকাত অতিৰিক্ত সম্পদ আৰু সমৰ্থন প্ৰণালী স্থাপন কৰি সঁহাৰি আৰু পুনৰুদ্ধাৰ সেৱা অধিক ত্বৰান্বিত কৰিছে।

Post a Comment

0 Comments