এনেকৈ জন্মদিন কোনে পালন কৰে! জন্মদিনত ট্ৰ’লৰ সন্মুখীন আমিৰ খানৰ কন্যা ইৰা খান


 আমিৰ খানৰ কন্যা ইৰা খান ছচিয়েল মিডিয়াত খুব এক্টিভ। আমিৰ খানকো কন্যাৰ সৈতে সময় কটোৱা প্ৰায়ে দেখা যায়। শেহতীয়াকৈ ইৰা খানে পিতৃ আমিৰ খান, ভাতৃ আজাদ আৰু মাতৃ ৰীণা দত্তৰ সৈতে নিজৰ ২৫সংখ্যক জন্মদিন পালন কৰে। জন্মদিনৰ কেক কটা আৰু উদযাপনৰ ফটো ছচিয়েল মিডিয়াত আপলোড কৰা হৈছে, যি ফটো এতিয়া ভাইৰেল হৈ পৰিছে।

এই ফটো এটা ফেন পেজৰ জৰিয়তে আপলোড কৰা হৈছে। ফটোত ইৰাক ছুইমৱে’ৰত দেখা গৈছে। কাষত আছে পিতৃ আমিৰ খান আৰু ভাতৃ আজাদ। নিজৰ পৰিয়ালৰ সৈতে জন্মদিন পালন কৰিছে আৰু কেক কাটিছে ইৰাই। মাল্টী কালাৰ বিকিনি আৰু ইয়েৰৰিঙত ইৰাক আন দিনাৰ দৰেই সুন্দৰ লাগিছিল। একাংশ লোকে পৰিয়ালৰ সৈতে এই ফটোখন পছন্দ কৰাৰ বিপৰীতে একাংশই ইৰাক ট্ৰ’ল কৰা আৰম্ভ কৰিছে।

জন্মদিনৰ ফটোখন বহু ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ভাল পোৱা নাই। এজন ব্যৱহাৰকাৰীয়ে লিখিছে – এয়া জন্মদিন নে পুল পাৰ্টী। আন এজনে লিখিছে – একেবাৰে পাৰিবাৰিক পৰিৱেশ। আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে – এনেকৈ জন্মদিন কোনে পালন কৰে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ইৰাৰ প্ৰেমিক  নুপুৰ শিখৰেই জন্মদিন পালনৰ কেতবোৰ ফটো শ্বেয়াৰ কৰিছিল। ফটোত দুয়োকে কেক কটাৰ লগতে আনন্দ কৰা দেখা গৈছে। আন এখন ফটোত দুয়োকে এখন ৰেষ্টুৰেণ্টত বহি থকা দেখা গৈছে।

Post a Comment

0 Comments