১০০ ডলাৰৰ তললৈ নামিল অপৰিশোধিত তেলৰ দাম, পেট্ৰ’ল–ডিজেলৰ দাম কমিলনে?


 বিশ্বৰ বজাৰত অপৰিশোধিত তেলৰ দাম প্ৰতি বেৰেলত ১০০ ডলাৰৰ তললৈ নামিছে। ইয়াৰ মাজতে চৰকাৰী তেল কোম্পানীসমূহে দেশৰ বজাত মঙলবাৰৰ বাবে পেট্ৰ’ল–ডিজেলৰ দাম জাৰি কৰিছে। আজিও ইন্ধনৰ দামৰ কোনো সালসলনি ঘটা নাই।

তেল কোম্পানীসমূহে ইয়াৰ পূৰ্বে ৬ এপ্ৰিলত পেট্ৰ’ল আৰু ডিজেলৰ দাম পৰিৱৰ্তন কৰিছিল। ইয়াৰ পিছত দাম অপৰিৱৰ্তিত ৰখা হৈছে। দিল্লীত পেট্ৰ’ল ১০৫.৪১ টকা, মুম্বাইত পেট্ৰ’ল ১২০.৫১ টকাত বিক্ৰী হৈছে। ডিলাৰসমূহৰ ফালৰ পৰা জনোৱা হৈছে, গ্ল’বেল মাৰ্কেটত অপৰিশোধিত তেলৰ দাম প্ৰতি বেৰেলত ৯৮ ডলাৰৰ আশে–পাশে আছে।

Post a Comment

0 Comments