আজি গৰু বিহুঃ গো-ধনক নোৱাই-ধুৱাই শ্ৰীবৃদ্ধি কামনা ৰাজ্যবাসীৰ, উজনিৰ পৰা নামনিলৈ উখল মাখল পৰিৱেশ

 


আজি গৰু বিহু। গো-ধনক নোৱাই-ধুৱাই শ্ৰীবৃদ্ধি কামনা ৰাজ্যবাসীৰ। ৰাজ্যৰ প্ৰতিখন গাঁৱতে দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশ। গাওঁৰ কৃষক সকলে সাতমপুৰুষীয়া ৰীতি নীতি মানি পালন কৰে গৰু বিহু । পুৱাতেই ওচৰৰ নৈ বিল পুখুৰীত গৰুক গা ধুৱায়। গা ধুৱাই লাওঁ, বেঙেনা,হালধী গৰুৰ গালৈ মাৰি প্ৰতিজন অসমীয়া কৃষিজীৱী লোকে গায় – 'লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা ।'

গৰু বিহুৰ দিনটোত পৰম্পৰা অনুসৰি, দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খুৱাই গৰুৰ দীৰ্ঘায়ু আৰু নশক্তি কামনা কৰে। সন্ধিয়া গৰুক আদৰ-সাদৰেৰে গোহালিলৈ অনা হয়৷ পিছত নতুন পঘাৰে গৰুক বন্ধাৰ উপৰিও গোহালি আৰু পদূলিত মৰলীয়া বন, অগৰু বন আৰু তুঁহৰ জাগ দি মাখিয়তী গছৰ পাত তথা ন-বিছনীৰে বিচি  পিঠা-পনা খুওৱা হয়।

Post a Comment

0 Comments