Facebook ব্যৱহাৰ কৰে যদি সাৱধান হওক! এই ভুল কৰিলেই হেক হৈ যাব আপোনাৰ একাউণ্ট...


 ফেচবুক এক অতি জনপ্ৰিয় ছচিয়েল মিডিয়া প্লেটফৰ্ম। ফলত স্কেমাৰ্ছৰো চকু থাকে ফেচবুকৰ ওপৰত। পিছে ফেচবুক ইউজাৰ্ছ এতিয়া অধিক সাৱধান হ'ব লাগিব। আহিছে এক বিস্ফোৰক তথ্য। আপোনাৰ এটা সাধাৰণ ভুলেই আপোনাৰ ব্যক্তিগত তথ্য হেকাৰসকলৰ ওচৰলৈ লৈ যাব।

ই-মেইল সুৰক্ষা প্ৰতিষ্ঠান Abnormal Securityৰ চিকিউৰিটী ৰিচাৰ্ছাৰে এটা নতুন ই-মেইল-ফিচিংগ স্কেমৰ সন্দৰ্ভত সাৱধানবাণী শুনাইছে। য'ত কোৱা হৈছে যে, ইয়াক ফেচবুক ব্যৱহাৰকাৰীৰ পাৰ্চনেল ডিটেইলছ চুৰি কৰিবলৈ কৰা ব্যৱহাৰ কৰা হৈছে।

প্ৰতিবেদন অনুসৰি, ফেচবুক ব্যৱহাৰকাৰীসকলে এটা ইমেইল লাভ কৰে কৰে য'ত দাবী কৰা হৈছে যে, যদি তেওঁলোকে ইয়াক তৎক্ষণাৎ ঠিক নকৰে, তেওঁলোকৰ একাউণ্টৰ ওপৰত ব্যৱস্থা লোৱা হ'ব আৰু তেওঁলোকৰ একাউণ্ট বন্ধ কৰা হ'ব।

প্ৰতিবেদন অনুসৰি, প্ৰৱঞ্চকসকলে ব্যৱহাৰকাৰীৰ ই-মেইল ঠিকনা, পাছৱৰ্ড, জন্ম তাৰিখ আৰু অন্যান্য ব্যক্তিগত বিৱৰণ লাভ কৰে। এইটোও জনা গৈছে যে, এই ফিছিং কেলেংকাৰীৰ জৰিয়তে, বেছিভাগ ব্যৱহাৰকাৰীক লক্ষ্য কৰা হৈছে আৰু তেওঁলোকৰ পেজ হেক কৰাৰ চেষ্টা কৰা হৈছে।

প্ৰৱঞ্চকসকলে প্ৰথমে টাৰ্গাডেট ব্যৱহাৰকাৰীলৈ এটা ফিছিং ইমেইল প্ৰেৰণ কৰে। ইয়াত, তেওঁলোকে দাবী কৰে যে এই মেইলটো ফেচবুক টিমৰ ফালৰ পৰা প্ৰেৰণ কৰা হৈছে। ইয়াত, ব্যৱহাৰকাৰীক সতৰ্ক কৰি দিয়া হৈছে যে, উলংঘনকাৰী সমলৰ বাবে তেওঁলোকৰ একাউণ্ট বা পেজ ডেমেজ হ'ব পাৰে।

Post a Comment

0 Comments