পুনৰ NRCক লৈ কেন্দ্ৰীয় মন্ত্ৰীৰ বিস্ফোৰণ, 'এয়াই সময় NRC বলৱৎ কৰাৰ'


 'দিল্লীৰ শেহতীয়া জাহাংগীপুৰী (Jahangipuri) হিংসাত্মক ঘটনাৰ পিছত সমগ্ৰ দেশত এক নতুন শিহৰণৰ সৃষ্টি হৈছে। দেশত এতিয়া জাহাংগীৰপুৰী ঘটনাক লৈ বিভিন্ন পক্ষই ৰাজনৈতিক মুনাফা লাভৰ চেষ্টা আৰম্ভ কৰিছে। ইয়াৰ মাজতে একাংশ লোকে দেশত পুনৰ NRC প্ৰৱৰ্তনৰ বাবে দাবী উত্থাপন কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে এইবাৰ দেশত NRC প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰিছে। জাহাংগীৰপুৰী ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপে NRC প্ৰৱৰ্তনৰ দাবী জনায়। মন্ত্ৰী সিঙে কয়, "জাহাংগীৰপুৰী ঘটনাৰ পিছত দেশত সামাজিক সম্প্ৰীতি নষ্ট কৰাৰ চেষ্টা কৰা হৈছে। এই পৰিস্থিতিত, সময় আহিছে যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (National Register of Citizens, NRC) প্ৰৱৰ্তন কৰা উচিত।"

উল্লেখ্য যে হনুমান জয়ন্তীৰ দিনা এক ধৰ্মীয় শোভাযাত্ৰাৰ সময়ত দিল্লীৰ জাহাংগীৰপুৰীত এটা মছজিদৰ সমীপত দুটা পক্ষৰ মাজত সংঘৰ্ষ হৈছিল। এই ঘটনাত এজন আৰক্ষী গুলীবিদ্ধ হোৱাৰ লগতে আন ৯গৰাকী লোক আহত হৈছিল। ঘটনাত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ১৪ জন লোকক গ্ৰেপ্তাৰ কৰিছিল। তাৰ পিছৰ পৰাই জাহাংগীৰপুৰী কাণ্ডক লৈ দেশ উত্তাল হৈ আছে।

Post a Comment

0 Comments