দিব্যা ভাৰতীক পাহৰিব পৰা নাই স্ৱামীয়ে, বৰ্তমানৰ পত্নীয়ে ক'লে স্বামীয়ে দিব্যাৰ কি সামগ্ৰী লগত লৈ ফুৰে


 ৯০ৰ দশকৰ জনপ্ৰিয় নায়িকা দিব্যা ভাৰতীৰ ১৯৯৩ চনৰ ৫ এপ্ৰিলত মৃত্যু হয়,তেতিয়া তেওঁৰ বয়স মাত্ৰ ১৯ বছৰ। এই খবৰে সেইসময়ত বলীউড অনুৰাগীক শোকাহত কৰিছিল। কিন্তু শেহতীয়া এক তথ্যই পুনৰ দিব্যা ভাৰতীক (Divya Bharti) চৰ্চাৰ মাজলৈ আনে। ১৮ বছৰ বয়সত চাজিদ নাদিয়াদৱালাৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা দিব্যাক মাত্ৰ এবছৰৰ বাবে পাইছিল তেওঁ।

সম্প্ৰতি চাজিদ নাদিয়াদৱালাৰ (Sajid Nadiadwala) বৰ্তমানৰ পত্নী ৱাৰ্দা খানে এটা সাক্ষাৎকাৰত চাজিদৰ বিষয়ে এটা ৰহস্য প্ৰকাশ কৰে। তেওঁ কয় যে চাজিদে এতিয়াও তেওঁৰ প্ৰয়াত প্ৰথম পত্নী দিব্যা ভাৰতীৰ পাৰফিউম দূৰলৈ গ'লে লগত লৈ যায়। আনকি তেওঁৰ কিছুমান চুলিৰ সামগ্ৰী এতিয়াও পৰিচালক–প্ৰযোজক চাজিদে লগত ৰাখিছে।

Post a Comment

0 Comments