ৰাম চৰণ আৰু জুনিয়ৰ এনটিআৰ অভিনীত RRRৰ বিশ্বব্যাপী উপাৰ্জন ১১০০ কোটি টকা অতিক্ৰম

 


ৰাম চৰণ (Ram Charan) আৰু জুনিয়ৰ এনটিআৰ (Jr NTR) অভিনীত RRR সৰ্বকালৰ আটাইতকৈ ডাঙৰ ব্লকবাষ্টাৰ (blockbusters) হৈ পৰিছে। ২৫ মাৰ্চত মুক্তি পোৱাৰ পিছৰে পৰা ছবিখনে বক্স অফিচত আধিপত্য কৰি আহিছে। মুক্তিৰ এমাহৰো কম সময়ৰ ভিতৰত, এছ.এছ. ৰাজামৌলী (SS Rajamouli)ৰ ছবিখনে বিশ্বজুৰি ১১০০ কোটি টকা উপাৰ্জন কৰিছে। শুক্ৰবাৰে বাণিজ্য বিশ্লেষক তৰণ আদৰ্শে (Taran Adarsh) ছচিয়েল মিডিয়াত এই আপডেটটো শ্বেয়াৰ কৰিছিল।

আনকি চিনেমাখনৰ অফিচিয়েল টুইটাৰ একাউণ্টেও ৰাম চৰণ-জুনিয়ৰ এনটিআৰৰ সৈতে এখন পোষ্টাৰ মুকলি কৰিছিল আৰু এই সাফল্যৰ বাবে অনুৰাগীসকলক ধন্যবাদ জনাইছিল। "৫ সপ্তাহ হ'ল আৰু গৰ্জন অব্যাহত আছে... #RRRMovie প্ৰেমীসকলোলৈ ধন্যবাদ," কেপচনত এইদৰে লিখা আছিল।

ইফালে বক্স অফিচ ইণ্ডিয়া (Box Office India)ৰ মতে, RRRৰ হিন্দী সংস্কৰণে ইয়াৰ চতুৰ্থ সপ্তাহতো বক্স অফিচৰ অভিলেখ ভংগ কৰিছে। RRRৰ হিন্দী সংস্কৰণে ইয়াৰ চতুৰ্থ সপ্তাহত ১৪.৫০ কোটি টকা সংগ্ৰহ কৰিছিল। এইটো সৰ্বকালৰ সপ্তম সৰ্বোচ্চ চতুৰ্থ সপ্তাহ আৰু কৰোনাভাইৰাছ মহামাৰী (coronavirus pandemic)ৰ পিছত চতুৰ্থ সপ্তাহত সংগ্ৰহ কৰা যিকোনো চলচ্চিত্ৰৰ সৰ্বাধিক উপাৰ্জন।

Post a Comment

0 Comments