এই মাহতো বিয়াত নবহে নেকি ৰণবীৰ আৰু আলিয়াই? খুৰাক ৰণধীৰ কাপুৰে ক'লে এই কথা


 ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট্টৰ বিয়াখন (Ranbir Kapoor and Alia Bhatt’s wedding) এই মুহূৰ্তত সকলোৰে আটাইতকৈ প্ৰতীক্ষিত বিবাহ। দুয়োজনে কেতিয়া বিবাহপাশত আৱদ্ধ হ'ব সেই সন্দৰ্ভত কেইবাটাও অনুমান কৰা হৈছে। শেহতীয়াকৈ পিংকভিলাই জনাইছে যে ৰণবীৰ আৰু আলিয়াৰ বিবাহ অনুষ্ঠান কাপুৰ পৰিয়ালৰ পৈতৃক ভৱন আৰ কে হাউছ (RK House)ত অনুষ্ঠিত হ'ব। কিন্তু এতিয়া ৰণধীৰ কাপুৰে (Randhir Kapoor) এনে সকলো বাতৰি অস্বীকাৰ কৰিছে।

"মই এই মুহূৰ্তত মুম্বাইত নাই, আৰু মই বিয়াখনৰ বিষয়ে একো শুনা নাই। যদি আমাৰ ঘৰত ইমান ডাঙৰ বিয়া হৈ আছিল, কোনোবাই নিশ্চিতভাৱে মোক ফোন কৰি মোক অৱগত কৰিলেহেঁতেন," ৰণবীৰ কাপুৰৰ খুৰাক ৰণধীৰ কাপুৰে হিন্দুস্তান টাইমছক এইদৰে কয়।

আলিয়া ভাট্টৰ ঘনিষ্ঠ তথা ছেলিব্ৰিটী মেহেন্দী আৰ্টিষ্ট বীণা নাগাড়া (Veena Nagda)য়ো এই বিয়াৰ কথা অস্বীকাৰ কৰিছে। বীণাই কয় যে এই মাহতে যদি এই বিয়াখন হয় তেন্তে মই নিশ্চয় এটা বৰ পালোঁহেতেন।

পিংকভিলা (Pinkvilla)ই শনিবাৰে প্ৰকাশ কৰিছিল যে ৰণবীৰ-আলিয়াই বিলাসী হোটেলত আড়ম্বৰপূৰ্ণ বিয়া নাপাতে। বিপৰীতে কাপুৰ পৰিয়ালৰ পৈতৃক ভৱন আৰ কে হাউছ(RK House)ত বিয়া পাতিব।

পিংকভিলাৰ বাতৰি মতে এপ্ৰিলৰ দ্বিতীয় সপ্তাহতে ৰণবীৰ-আলিয়াৰ বিয়া হ'ব। কাপুৰ পৰিয়ালে বিয়াখন এপ্ৰিলৰ শেষলৈ বিচাৰে যদিও ভাট্ট পৰিয়ালে এপ্ৰিলৰ মাজভাগতে বিয়াখন হৈ যোৱাটো বিচাৰিছে বুলি বাতৰিটোত কোৱা হৈছিল। কিন্তু কোনো পৰিয়ালৰ তৰফৰ পৰা এতিয়ালৈ এই বহু প্ৰতীক্ষিত বিয়াখনৰ বিষয়ে কোনো কথা সদৰী কৰা নাই।

Post a Comment

0 Comments