মাত্ৰ ৪৫ জন অতিথিকহে নিমন্ত্ৰণ দিয়া হ'ব ৰণবিৰ-আলিয়াৰ বিয়ালৈ, আলিয়াৰ লেহেংগা কোনে ডিজাইন কৰিব


 আলিয়া ভট্ট আৰু ৰণবীৰ কাপুৰে (Alia Bhatt-Ranbir Kapoor Wedding) অহা সপ্তাহত বিবাহপাশত আৱদ্ধ হ'ব বুলি বাতৰি ওলাই আছে। যদিও ৰণবিৰ-আলিয়াই এতিয়াও তেওঁলোকৰ বিবাহৰ কথা ঘোষণা কৰা নাই কিন্তু বিবাহৰ তাৰিখক (Alia-Ranbir Wedding Date)লৈ বহুতেই বাতৰি প্ৰকাশ কৰি আছে। ১৩ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিলৰ ভিতৰত বিয়া হ'ব বুলি খবৰ ওলাই আছে। শেহতীয়াকৈ এক নতুন বাতৰিত দাবী কৰা হৈছে যে আলিয়া আৰু ৰণবীৰে ১৪ এপ্ৰিলত বিবাহ পাশত আৱদ্ধ হ'ব। এয়াই নহয়, বাতৰিটোত  এইটোও দাবী কৰা হৈছে যে দৰা-কইনাই অনুষ্ঠানটোত মাত্ৰ ৪৫ৰ পৰা ৫০ জন অতিথিকহে নিমন্ত্ৰণ কৰিব বুলি খবৰ আহিছে।

এইটো কোনো আচৰিত কথা নহয় যে কৰণ জোহৰ (Karan Johar) আৰু অয়ন মুখাৰ্জী (Ayan Mukherjee)ক বিবাহৰ অতিথিৰ তালিকাত স্থান দিয়া হৈছে। হিন্দুস্তান টাইমছৰ এক প্ৰতিবেদন অনুসৰি, বিবাহ অনুষ্ঠানটো ১৪ এপ্ৰিল, বৃহস্পতিবাৰে সন্ধিয়া অনুষ্ঠিত হ'ব। বাতৰিটোৰ মতে মেহেন্দী অনুষ্ঠান ১৩ এপ্ৰিলত অনুষ্ঠিত হ'ব।

এই বাতৰি মতে বিয়াৰ প্ৰতিটো অনুষ্ঠানতে কোনো লোকে মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব।

একাধিক প্ৰতিবেদনে ইতিমধ্যে প্ৰকাশ কৰিছে যে বিয়াখন ৰণবীৰৰ বান্দ্ৰাৰ ঘৰ বাষ্টু (Vaastu)ত অনুষ্ঠিত হ'ব। হিন্দুস্তান টাইমছৰ প্ৰতিবেদনত কোৱা হৈছে যে আবেলি প্ৰায় দুই বা তিনি বজাত দৰাৰ এটা সৰু শোভাযাত্ৰা বিবাহস্থলীলৈ যাব।

ৰণবীৰৰ আইতা কৃষ্ণা ৰাজ কাপুৰ (Krishna Raj Kapoor)ৰ বাসগৃহটো পোহৰেৰে সজাই তোলা হৈছে। ঘৰৰ ভিডিঅ'বোৰ এজন সাংবাদিকে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে যিটোৱে ইংগিত দিছে যে বিবাহৰ প্ৰস্তুতি আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে।

Post a Comment

0 Comments