''ৰিপুণ বৰাক এচামে বহুত জ্বলালে, ৰিপুণ বৰাৰ পত্ৰৰ প্ৰতি মোৰ ৮০ শতাংশ সমৰ্থন আছে''- ৰিপুণ বৰাৰ দলত্যাগক লৈ ৰকিবুল হুছেইন

 


"ৰিপুণ বৰাৰ পত্ৰৰ প্ৰতি মোৰ ৮০ শতাংশ সমৰ্থন আছে। ৰিপুণ বৰাই কংগ্ৰেছৰ বাবে বহু ত্যাগ কৰিছিল। কিন্তু মূৰপোলোকা মাৰি পলায়ন কৰাটো ভুল। ৰিপুণ বৰাক এচামে বহুত জ্বলালে। তেওঁ সেয়া সহ্য কৰিব নোৱাৰি পলায়ন কৰিলে। কিন্তু পলায়ন কৰাটো ভুল। যুঁজিব লাগিছিল।মই দলৰ নিষ্ঠাৱান যুঁজাৰু হোৱাৰ বাবে বহু কথা ৰাজহুৱা কৰিব বিচৰা নাই। দলৰ শৃংখলা মই মানি চলোঁ।'' -ৰিপুণ বৰাৰ  (Ripun Bora) সমৰ্থনত থিয় হৈ প্ৰাক্তন মন্ত্ৰী তথা বিৰোধী দলৰ উপ- দলপতি ৰকিবুল হুছেইনে আজি নগাঁৱৰ বাসগৃহত এনেদৰে মন্তব্য কৰে।

ৰকিবুল হুছেইনে লগতে কংগ্ৰেছৰ একাংশ নেতাক কটাক্ষ কৰি কয়, "ৰিপুণ বৰাৰ দলত্যাগে কংগ্ৰেছক যথেষ্ট ক্ষতিগ্ৰস্ত কৰিব। যিসকলে কৈছে ৰিপুণ বৰাৰ দলত্যাগে কোনো ক্ষতি নকৰে সেইসকলে একো নাজানে।"

Post a Comment

0 Comments