অসমীয়াতে ৰঙালী বিহুৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

 


কোভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পিছত প্ৰায় দুটা বছৰৰ অন্তত এইবাৰ অতি উলহ মালহেৰে প্ৰতিগৰাকী অসমীয়াই উদযাপন কৰিছে হেঁপাহৰ ৰঙালী বিহু।

আজি গৰু বিহু। আজিৰ দিনটোত গৰুক নোৱাই ধোৱাই শ্ৰীবৃদ্ধি কামনা কৰাৰ পিছত কাইলৈ প্ৰতিগৰাকী অসমীয়াই পালন কৰিব মানুহৰ বিহু। মানুহৰ বিহুৰ দিনা সৰুৱে ডাঙৰক সেৱা কৰি বিহুৱান যঁচাৰ পৰম্পৰা আছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও জনাইছে ৰঙালী বিহুৰ শুভেচ্ছা। অসমীয়াতে লিখি টুইটাৰৰ জৰিয়তে সকলোলৈকে ৰঙালীৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীগৰাকীয়ে। লগতে এই বিহুৱে সকলোৰে জীৱনলৈ সুস্বাস্থ্য আৰু সুখ কঢ়িয়াই অনাৰ কামনা প্ৰধানমন্ত্ৰীৰ।

Post a Comment

0 Comments