বিশ্ব স্বাস্থ্য সন্থাৰ মুৰব্বী টেড্ৰচৰ নতুন নাম তুলসী ভাই; প্ৰধানমন্ত্ৰী মোদীয়ে দিলে এই নাম

 


স্বাস্থ্য সন্থাৰ সঞ্চালক প্ৰধান টেড্ৰচ ঘ্ৰেব্ৰেয়েচুচ (Dr Tedros Adhanom Ghebreyesus)ৰ নতুন নাম এতিয়া তুলসী ভাই । গুজৰাটৰ গান্ধীনগৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা Global AYUSH Investment and Innovation Summitত অংশগ্ৰহণ কৰি প্রধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে WHOৰ মুৰব্বী গৰাকীক এই নতুন নাম প্ৰদান কৰে ।

ঘ্ৰেব্ৰেয়েচুচে এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)য়ে নিজৰ ভাষণত কয় – “স্বাস্থ্য সন্থাৰ মুৰব্বী টেড্ৰচ মোৰ ভাল বন্ধু; তেওঁ প্ৰায়ে কয় ভাৰতীয় শিক্ষকে তেওঁক শিক্ষা প্ৰদান কৰিছে আৰু তাৰ কাৰণেই তেওঁ আজি এই পদবী পাবলৈ সক্ষম হৈছে । আজি তেওঁ মোক ক’লে 'মই এজন পাক্কা গুজৰাটী হৈ গৈছোঁ, আপুনি মোৰ কাৰণে কিবা নাম ঠিক কৰিছেনে নাই?' সেয়ে মই আজিৰ পৰা তেওঁক এজন গুজৰাটী হিচাপে গণ্য কৰিম আৰু তুলসী ভাই বুলি মাতিম।"

বিশ্ব স্বাস্থ্য সন্থাৰ মুৰব্বী গৰাকীক এই নাম দি প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে তুলসী গছৰ উপকাৰিতাৰ বিষয়েও বৰ্ণনা কৰে । আয়ুৰ্বেদ আৰু আন ভাৰতীয় চিকিৎসা শাস্ত্ৰৰ বিশ্বজনীন যাত্ৰাক নতুন মাত্ৰা প্ৰদান কৰিবলৈ অনুষ্ঠিত কৰা এই অনুষ্ঠানত উপস্থিত থাকে মাৰিচাচৰ প্ৰধানমন্ত্ৰী প্ৰবীন্দ কুমাৰ যুগনাওথ আৰু আয়ুস মন্ত্ৰী 

Post a Comment

0 Comments