বিৰোধীৰ কৌশল বিধ্বস্ত কৰাত সক্ষম পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান

 


যোৱা মাহৰ ২৮ তাৰিখে বিৰোধীয়ে যুটীয়াভাৱে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে পাকিস্তানৰ সংসদত অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছিল। অনাস্থা ভোটত ইমৰানক পৰাজিত কৰি প্ৰধানমন্ত্ৰীৰ পদৰ পৰা বৰ্খাস্ত কৰাৰ সন্দৰ্ভত আত্মবিশ্বাসী আছিল বিৰোধী শিবিৰ। ইয়াৰ বাবে, পাকিস্তানৰ সংসদত ৩ এপ্ৰিলত ভোট অনুস্থিত হোৱাৰ কথা আছিল। কিন্তু পাকিস্তান ক্ৰিকেট দলক বিশ্বকাপ জয়ৰ সোৱাদ দিয়া প্ৰাক্তন অধিনায়ক তথা বৰ্তমানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে বিপক্ষৰ পৰিকল্পনা বিফল কৰিবলৈ সক্ষম হৈছিল।

সংসদৰ অধ্যক্ষই তেওঁৰ প্ৰস্তাৱৰ সমৰ্থনত অনাস্থাৰ ভোট প্ৰত্যাখ্যান কৰিছিল। ইমৰানে নেচনেল এচেম্বলী ভংগ কৰাৰ কথা ঘোষণা কৰে। ৰাষ্ট্ৰপতি আৰিফ আলভিয়ে ইমৰান খান আৰু বিৰোধী নেতা শ্বাহবাজ শ্বৰীফক এজন তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী নিযুক্ত কৰিবলৈ পত্ৰও প্ৰেৰণ কৰিছিল। বিৰোধীয়ে অনাস্থা ভোট প্ৰত্যাখ্যানৰ বিৰুদ্ধে পাকিস্তানৰ শীৰ্ষ আদালতলৈ গৈছিল। শীৰ্ষ আদালতত এটা গোচৰো ৰুজু কৰা হৈছিল। অৱশ্যে, পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে বুধবাৰে  অনাস্থা ভোটৰ শুনানি বৰ্তমানৰ বাবে পিছুৱাই দিয়াৰ ৰায়হে প্ৰদান কৰে। গোচৰটোৰ শুনানি বৃহস্পতিবাৰে আকৌ এবাৰ হ'ব।

Post a Comment

0 Comments