অৱশেষত পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ গাদী হেৰুৱালে ইমৰাণ খানে, আস্থা ভোটত হ'ল পৰাস্ত


 দিনজোৰা নাটকৰ অৱসান। অৱশেষত, আস্থাৰ ভোটত হাৰিল ইমৰাণ খান। পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ আসনৰ পৰা আঁতৰিল ইমৰাণ খান। আস্থা ভোটত সকলো ভোট পাকিস্তানৰ কেপ্তেইনৰ বিপক্ষে দিয়া হয়।

পাকিস্তানৰ নেচনেল এচেম্বলীত অধ্যক্ষ আসাদ কাইছেৰে কমেও চাৰিবাৰ অধিৱেশন স্থগিত ৰাখিছিল। এটা সময়ত, তেওঁ স্পষ্ট কৰি দিছিল যে তেওঁ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ বিৰুদ্ধে ভোট অনুষ্ঠিত কৰিব নোৱাৰে। তাৰ পিছত, বিৰোধীয়ে ইমৰান খানক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছিল।

পাকিস্তানৰ নেচনেল এচেম্বলীৰ অধ্যক্ষ আৰু উপাধ্যক্ষই ইমৰাণক তেওঁৰ বাসগৃহত লগ কৰাৰ পিছতে পদত্যাগ কৰে। অধ্যক্ষ আৰু উপাধ্যক্ষৰ অনুপস্থিতিত কোনে অনাস্থা ভোট পৰিচালনা কৰিব! ইয়াৰ পিছত, আয়াজ চাদিক নতুন অধ্যক্ষৰ আসনত বহিল। আৰু ভোট পৰিচালনাৰ দায়িত্ব লয়। অৱশেষত মাজনিশা আস্থাৰ ভোট আৰম্ভ হয়।

তেহৰিক-ই-ইনচাফে (পিটিআই)-এ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ বিৰুদ্ধে অনাস্থা ভোট স্থগিত ৰখাৰ বাবে সকলো কৌশল ব্যৱহাৰ কৰিছিল। অৱশেষত পাকিস্তানৰ মুখ্য ন্যায়াধীশ উমাৰ আতা বান্দিয়ালে মাজনিশা আদালতৰ দুৱাৰ খুলিবলৈ সিদ্ধান্ত লৈছিল।

Post a Comment

0 Comments