এয়াই প্ৰধানমন্ত্ৰী মোদীৰ প্ৰিয় চবজি! দাম শুনিলে চকু কঁপালত উঠিব

 


প্ৰধানমন্ত্ৰী মোদীয়ে এই পাচলি পালে আন একো নিবিচাৰে! কিন্তু সাধাৰণ মানুহে এই পাচলি খাব পাৰিবনে? 

গুচ্ছি! বহুতেই হয়টো নাম শুনা নাই। এই গুচ্ছিৰে তৈয়াৰ কৰা যিকোনো চবজিয়েই প্ৰধানমন্ত্ৰী মোদীৰ অতিকৈ প্ৰিয়।

গুচ্ছিক বহুতে পাহাৰীয়ে মাশৰুম বুলিও কয়।  প্ৰকৃতিৰ বুকুত এই মাশৰুম  বহু পুষ্টিগুণসম্পন্ন।  বহু ঔষধিগুণ আছে এই গুচ্ছিত।

ভাৰতৰ আটাইতকৈ দামী পাচলি গুচ্ছি।  দেশৰ বহুকেইখন পঞ্চতাৰকা হোটেলত গুচ্ছিৰে তৈয়াৰ কৰা চবজি পোৱা যায়। যাৰ দাম শুনিলে আপোনাৰ চকু কঁপালত উঠিব।

এই মাশৰুম হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, কাশ্মীৰৰ কিছুমান দূৰৱৰ্তী পাহাৰীয়া অঞ্চলত খেতি কৰে। ফুল আৰু বীজেৰে ভৰ্তি এই পাচলি শুকুৱাই ৰন্ধা হয়। এই মাশৰুমবোৰ ফেব্ৰুৱাৰী আৰু এপ্ৰিল মাহৰ ভিতৰত উপলব্ধ। যিসকলৰ চাইনাছৰ সমস্যা আছে, তেওঁলোকে অতি সোনকালে মাশৰুমৰ পৰা উপকৃত হব।

এই মাশৰুম এক কেজি কিনিবলৈ ৩৫ ৰ পৰা ৪০ হাজাৰ টকা ব্যয় কৰিব লাগিব। এই পাচলিবোৰ এখন পঞ্চতাৰকা হোটেলত প্ৰতি প্লেটত ২০০০ টকাত বিক্ৰী কৰা হয়। এই মাশৰুমৰ কাবাব ১৫০০ টকাত বিক্ৰী কৰা হয়।

Post a Comment

0 Comments