বাহন সোমাল 'No Entry Zone'ত, আগবাঢ়ি আহিল আৰক্ষী! পিছে চালকে এইজন লোকৰ হাতত কিয় তুলি দিলে টকা?


 আৰক্ষীৰ ধন ঘটাৰ আহিলাত পৰিণত হৈছে নেকি যানবাহন আইন? যানবাহন আইনৰ অধীনত আইন ভংগৰ অজুহাতত আৰক্ষীয়ে সংগ্ৰহ কৰিছে ধন ৷ কিন্তু সেইধন যেন জমা হৈছেনে চৰকাৰী ৰাজকোষত? বিপৰীতে ৰচিদ অবিহনে সংগ্ৰহ কৰা এই ধন জমা হৈছে নেকি একাংশ আৰক্ষী অথবা মধ্যভোগীৰ পেকেটত?

News18ৰ কেমেৰাত আবদ্ধ হৈছে পানবজাৰত এক বিশেষ ধন সংগ্ৰহৰ দৃশ্য ৷ দৃশ্য অনুসৰি পানবজাৰৰ পৰা কাছাৰীলৈ অহা ন এণ্ট্ৰী পথত প্ৰৱেশ কৰে এখন চাৰিচকীয়া বাহন৷ লগে লগে বাহনখন ৰখাবলৈ আৰক্ষীৰ নিৰ্দেশ ৷ আৰক্ষীৰ নিৰ্দেশ মানি নিৰ্দিষ্ট স্থানত ৰখিলে বাহন ৷ বাহনখন ৰখা লগে লগে প্ৰথমে যানবাহন আইন ভংগৰ বিভিন্ন ধাৰা পাঠ চালকক ৷

Post a Comment

0 Comments