আম আদমী পাৰ্টীৰ লক্ষ্য গুৱাহাটী পৌৰ নিগম, প্ৰাৰ্থিত্বৰ তালিকাত চিকিৎসক, অধিবক্তা, শিক্ষাবিদ, শিল্পী


পঞ্জাবত চমকপ্ৰদ বিজয়ৰ পিছত অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টীৰ লক্ষ্য গুৱাহাটী পৌৰ নিগম। জি এম চি দখলৰ মেজিক নাম্বাৰ ৩১। যাৰ বাবে পৌৰ নিগমৰ নিৰ্বাচনত ৪০টা ৱাৰ্ডত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আম আদমী পাৰ্টীয়ে। পঞ্জাবৰ দৰে নিৰ্বাচনত চিকিৎসক, অধিবক্তা, শিক্ষাবিদ, শিল্পীৰ লগতে আন আন উচ্চশিক্ষিত ব্যক্তিক প্ৰাৰ্থিত্ব আগবঢ়াইছে জি এম চি নিৰ্বাচনত।

শাসনত থকা দুই ৰাজ্যৰ নিচিনাকৈ পাঁচ গেৰাণ্টি মডেল লৈ ঘৰে ঘৰে প্ৰচাৰ আৰম্ভ কৰিছে আম আদমী পাৰ্টীয়ে। ৫৯নং ৱাৰ্ডত প্ৰাৰ্থিত্ব আগবঢ়োৱা সুদীপ্ত ভট্টাচাৰ্যই অসমীয়া কেইবাখনো বোলছবিত গীত পৰিৱেশন কৰিছে, এইবাৰ পৌৰ নিগমৰ নিৰ্বাচনত আপৰ হৈ আগবঢ়াইছে প্ৰাৰ্থিত্ব। নিৰ্বাচনৰ কাৰ্যালয় মুকলিৰ পিছতে ঘৰে ঘৰে প্ৰচাৰ অভিযান সুদীপ্তৰ। আশীৰ্বাদ গ্ৰহণ কৰিছে জ্যেষ্ঠজনৰ। লগতে গুণগুণালে ভূপেন হাজৰিকাৰ গীতৰ কলি।

Post a Comment

0 Comments