৬৮ সংখ্যক বৰদলৈ ট্ৰফীৰ চেম্পীয়নৰ খিতাপ জয় দিল্লী এফ চিৰ, ফাইনেলত পৰাস্ত নাগালেণ্ড পুলিচ


 ৰথমবাৰলৈ যোগ দিয়েই বৰদলৈ ট্ৰফী (68th Bordoloi Trophy Tournament  Football)ত চেম্পিয়নৰ সম্মান অৰ্জন কৰিলে দিল্লী এফ চি (Delhi FC)য়ে। দিল্লী এফ চি দলে ৬৮ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফীৰ শ্ৰেষ্ঠত্বৰ সম্মান অৰ্জন কৰে। দেওবাৰে বিয়লি গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়াম (Nehru Stadium Guwahati)ত অনুষ্ঠিত ফাইনেল খেলত দিল্লী এফ চি দলে নাগালেণ্ড পুলিচ (Nagaland Police) দলক একমাত্ৰ গ'লত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰে।

খেলৰ ৬৮ মিনিটত দিল্লী এফ চিৰ জাপানী মিডফিল্ডাৰ কিছুকি ইয়াকাজামিয়ো দলৰ হৈ একমাত্ৰ বিজয় সূচক গ'লটো স্কোৰ কৰে। জাপানী খেলুৱৈগৰাকীয়ে ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটাও লাভ কৰে।

খেলৰ শেষত বটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লয় আৰক্ষী বিশেষ সঞ্চালক প্ৰধান জি পি সিং (SDGP GP Singh), অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়া, আৰক্ষী আযুক্ত হৰমিত সিং, উপ আৰক্ষী আযুক্ত পাৰ্থ  সাৰথি মহন্ত, জি এছ এৰ সভাপতি পুলক গোস্বামী, পৰিবহণ আযুক্ত গৌতম দাস আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তি।

বিজয়ী দল দিল্লী এফ চিয়ে চেম্পিয়নৰ ট্ৰফীৰ লগতে নগদ ২ লাখ টকা লাভ কৰে।

Post a Comment

0 Comments