ৰানৱে’ৰ পৰা পিছলি দুটুকুৰা হ’ল বিমান! কেমেৰাত বন্দী দুৰ্ঘটনাৰ দৃশ্য


 জৰুৰীকালীন অৱতৰণ কৰিবলৈ গৈ ভাঙি দুটুকুৰা হ’ল এখন বিমান! এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে কোষ্টা ৰিকাৰ ছান জোছ আন্তৰ্জাতিক বিমানবন্দৰত। যাৰ ফলত সাময়িকভাৱে বন্ধ কৰিবলগীয়া হয় সেই বিমানবন্দৰটো।

জাৰ্মান প্ৰতিষ্ঠান ডিএইচএলৰ সামগ্ৰী পৰিবহণকাৰী এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। জৰুৰীকালীন অৱতৰণৰ সময়ত বিমানখন ৰানৱে’ৰ পৰা পিছলি গৈ ওলোটা দিশে ঘূৰি যায়। ইয়াৰ পিছতে পিছফালৰ পৰা ভাঙি দুটুকুৰা হয় বিমানখন। ঘন ধোৱাৰে ভৰি পৰে চৌদিশ।

অৱশ্যে এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই। পাইলট আৰু সহকাৰী পাইলট সুৰক্ষিত বুলি কোষ্টা ৰিকাৰ অগ্নিনিৰ্বাপক বাহিনীৰ তৰফৰ পৰা জনোৱা হৈছে। কিন্তু শাৰীৰিক পৰীক্ষাৰ বাবে দুয়োজনকে হাস্পতালত ভৰ্তি কৰোৱা হয়।

Post a Comment

0 Comments