১ লিটাৰ গাখীৰত ১৯০০ টকা, অৰ্থসংকটত পৰা শ্ৰীলংকাত ২৬ কেবিনেট মন্ত্ৰীৰ পদত্যাগ

 


তীব্ৰ অৰ্থনৈতিক সংকটৰ বাবে দেওবাৰৰ দিনটোত শ্ৰীলংকাত ভিন্ন ঠাইত হোৱা বিক্ষোভৰ পিছত নিশা ২৬গৰাকী কেবিনেট মন্ত্ৰীয়ে পদত্যাগ কৰে। অৱশ্যে প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাক্ষেৰ (prime minister Mahinda Rajapaksa) পদত্যাগৰ দাবী প্ৰতিবাদকাৰীয়ে উত্থাপন কৰাৰ পিছতো তেওঁ পদত্যাগ কৰা নাই। কিন্তু তেওঁৰ পুত্ৰ তথা ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নামাল ৰাজাপাক্ষে (namal rajapaksa) পদত্যাগ কৰে। নামালে দেশখনত ইণ্টাৰনেট সেৱা বন্ধ ৰখাক লৈও টুইট কৰি ইয়াৰ বিৰোধিতা কৰিছিল। পিছত ১৫ ঘণ্টাৰ মূৰত ইণ্টাৰনেট সেৱা পুনৰ মুকলি কৰা হয়।

দেশখনত অৰ্থনৈতিক সংকট ইমানেই প্ৰবল হৈছে যে মূল্যবৃদ্ধিয়ে চৰম সীমা অতিক্ৰম কৰিছে। চাউলৰ মূল্য প্ৰতি কিলোগ্ৰামত ২২০ টকা আৰু এক কিলোগ্ৰাম পাউডাৰ গাখীৰ ১৯০০ টকাত বিক্ৰী কৰা হৈছে দেশখনত। বিদ্যুৎ নাই, খাদ্য নাই, ইন্ধনৰ মূল্যবৃদ্ধিৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰো মূল্যবৃদ্ধি ঘটিছে। এনে পৰিস্থিতিত গোটাবায়া চৰকাৰৰ বিৰুদ্ধে খং বাঢ়ি আহিছে জনতাৰ।

কেবিনেট মন্ত্ৰীসকলে পদত্যাগ কৰাৰ এদিন পিছতে শ্ৰীলংকাৰ কেন্দ্ৰীয় বেংকৰ গৱৰ্নৰ অজিত নিভাৰ্ড কাব্ৰালেও সোমবাৰে পদত্যাগ পত্ৰ দাখিল কৰে বুলি ৰয়টাৰে প্ৰকাশ কৰিছে। ইফালে, এএফপিৰ এক প্ৰতিবেদন অনুসৰি শ্বেয়াৰ বজাৰ ৫.৯ শতাংশ হ্ৰাস হোৱাৰ পিছত সোমবাৰে কৰ্তৃপক্ষই শ্ৰীলংকাৰ ষ্টক এক্সচেঞ্জত ব্যৱসায় বন্ধ কৰি দিয়ে।

Post a Comment

0 Comments