৮০০টা বাউণ্ডেৰীৰ বিশ্ব অভিলেখ গঢ়িলে শিখৰ ধাৱানে, মুম্বাইৰ এজনো বলাৰ নোৱাৰিলে তিষ্ঠিব


 শিখৰ ধাৱানে (Shikhar Dhawan) আই পি এলত এটা নতুন বিশ্ব অভিলেখ গঢ়িছে। ধাৱানে টি-২০ লীগৰ প্ৰথম জন খেলুৱৈ যিয়ে ৮০০ টা বাউণ্ডেৰী (IPL Most Boundaries Record) কোবাইছে। বিৰাট কোহলীৰ পৰা ৰোহিত শৰ্মালৈকে কোনেও এইটো কৰিবলৈ সক্ষম হোৱা নাই। আই পি এল ২০২২ (IPL 2022)ৰ এখন খেলত ধাৱানে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৫০টা বলত ৭০ ৰাণ সংগ্ৰহ কৰে। ৫টা চাৰি আৰু ৩টা ছয় কোবায় ধাৱানে।

খেলখনত (MI vs PBKS) ৫টা উইকেট হেৰুৱাই পঞ্জাৱে ১৯৮ ৰাণ সংগ্ৰহ কৰিছে। ধাৱানৰ উপৰিও অধিনায়ক মায়াংক আগৰৱালেও ৫২ ৰাণ সংগ্ৰহ কৰে। দুয়োজনে প্ৰথম উইকেটৰ বাবে ৯৭ ৰাণৰ বিশাল পাৰ্টনাৰশ্বীপে পঞ্জাৱৰ ৰাণৰ দতি ত্বৰান্বিত কৰে আৰু জিতেশ শৰ্মাইও অপৰাজিত ৩০ ৰাণ সংগ্ৰহ কৰে। এই খেলখনৰ আগতে পঞ্জাৱে ৪ খন খেলৰ ভিতৰত ২ খনত জয় লাভ কৰিছে। মুম্বাইয়ে এতিয়াও তেওঁলোকৰ প্ৰথম জয়ৰ অপেক্ষাত আছে। মুম্বাই ইণ্ডিয়ানছে চাৰিওখন খেলত পৰাস্ত হৈছে।

Post a Comment

0 Comments