দীনেশ কাৰ্তিকৰ বেটিং ধুমুহাত বিজয়ৰ ৰথ স্তব্ধ হ'ল ৰাজস্থানৰ ! ৪ উইকেটত বিজয় সাব্যস্ত RCBৰ ...

 


ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে (Royal Challengers Bangalore) আই পি এল ২০২২ ত তেওঁলোকৰ দ্বিতীয়টো জয় পঞ্জীয়ন কৰে, আই পি এল ২০২২ ৰ এক ৰোমাঞ্চকৰ খেলত ৰাজস্থান ৰয়েলছক ৪ উইকেটত পৰাস্ত কৰে। প্ৰতিযোগিতাখনত এইটো ৰাজস্থানৰ প্ৰথম পৰাজয়। তেওঁলোকে আগতে দুয়োখন মেচ জিকিছিল।

৩ খন খেলত এইটো আৰচিবিৰ দ্বিতীয় জয়। খেলখনত (RR vs RCB) ৰাজস্থানে প্ৰথমে বেট ধৰি ৩ টা উইকেট হেৰুৱাই ১৬৯ ৰাণ সংগ্ৰহ কৰে। জছ বাটলাৰে আন এটা উজ্জ্বল ইনিংছ খেলে। তেওঁ ৪৭ টা বলত অপৰাজিত ৭০ ৰাণ কৰে। ইয়াৰ প্ৰত্যুত্তৰত আৰচিবিয়ে ১৯.১ অভাৰত ৬ টা উইকেট হেৰুৱাই লক্ষ্য অৰ্জন কৰে RCBএ। দিনেশ কাৰ্তিকে ২৩ টা বলত ৪৪ ৰাণৰ অপৰাজিত ইনিংছ খেলি দলক বিজয় লক্ষ্যত উপনীত কৰে।

লক্ষ্যৰ পিছে পিছে, আৰচিবি দলটোৱে এটা ভাল আৰম্ভণি কৰিছিল। ফাফ ডু প্লেচিছ আৰু অনুজ ৰাৱাটে প্ৰথম উইকেটৰ বাবে ৫৫ ৰাণ সংগ্ৰহ কৰে। ডু প্লেচিছ ২০ টা বলত ২৯ ৰাণ কৰি চাহালৰ চিকাৰ হয়। ৰাৱাটে ২৫ টা বলত ২৬ ৰাণ কৰি দ্ৰুত বলাৰ নৱদীপ চাইনীৰ চিকাৰ হয়। দলটোৱে ৯ ম অভাৰত প্ৰথমে বিৰাট কোহলী ৫ ৰাণত ৰাণ আউট হয় আৰু ডেভিদ ৱিলিক চাহালে শূন্য ৰাণত বোল্ড কৰে। তাৰ পিছতে ৰাডাৰফৰ্ডো আউট হয়। কিন্তু কাৰ্তিক আৰু শ্বাহবাজে দৃঢ়তাৰে খেলি দলক বিজয়ৰ দিশে লৈ যায়।

Post a Comment

0 Comments