ব'হাগ বিহুৰ বতৰতে ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি 'গংগা-এখনি বোৱতি হিয়া'। জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে মুখ্য চৰিত্ৰত অভিনয় কৰিবলগীয়া ছবিখনৰ আজি অফিচিয়েল ট্ৰেইলাৰ মুকলি কৰা হয়।
প্ৰস্তুতি পৰাশৰৰ উপৰিও ছবিখনত অভিনয় কৰিছে অৰূপ বৈশ্য, ৰাগ ঐনিতম, ৰীণা বৰা, মুনমী কলিতাৰ লগতে বহু ন-পুৰণি শিল্পীয়ে।
নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ কাহিনীৰে নিৰ্মাণ কৰা ছবিখন পৰিচালনা কৰিছে
মণি সিংহাই। সংগীতৰ দায়িত্বত আছে অজয় ফুকন। অহা ৬ মে'ত মুক্তি লাভ কৰিব
বহুচৰ্চিত ছবিখনে।
0 Comments