অসমত অবৈধ নাগৰিক চিনাক্তকৰণৰ নামত সংখ্যালঘুক হাৰাশাস্তি নকৰিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন, ন্যায়ালয়ে জাৰি কৰিলে এই জাননী

 


উচ্চতম ন্যায়ালয়লৈ সোমবাৰে অসমত অবৈধভাৱে বসবাস কৰি থকা বিদেশী নাগৰিকক চিনাক্তকৰণৰ নামত সংখ্যালঘু (minority) লোকক হাৰাশাস্তি নকৰিবলৈ দাখিল হোৱা আবেদনৰ শুনানি গ্ৰহণ কৰি ৰাজ্য আৰু কেন্দ্ৰলৈ জননী প্ৰেৰণ কৰে। ন্যায়াধীশ ডি ওয়াই চন্দ্ৰচূড় আৰু ন্যায়াধীশ সূৰ্য্য কান্তৰ খণ্ড বিচাৰপীঠে শুনানি গ্ৰহণ কৰি অসম সন্মিলিত মহাসংঘৰ নাগৰকত্ব আইনৰ ধাৰা ৬(ক)ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই চলি থকা গোচৰৰ নিষ্পত্তিৰ পিছত এই আবেদন তালিকাভুক্ত  কৰিবলৈ নিৰ্দেশ দিয়ে ।

মহাসংঘৰ আবেদনৰ শুনানি এখন ৫জনীয়া সাংবিধানিক বিচাৰপীঠত হোৱাৰ কথা। উল্লেখযোগ্য যে অসম সংখ্যলঘু সংগ্ৰাম পৰিষদ (Asom Sankhyalaghu Sangram Parishad) নামৰ এটা সংগঠনে দাখিল কৰিছে এই লেখ আবেদন ।

আবেদনকাৰীক উচ্চতম ন্যায়ালয়ত (Supreme Court) প্ৰতিনিধিত্ব কৰি জ্যেষ্ঠ অধিবক্তা সঞ্জয় হেগড়েয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ২০১৯ চনৰ আগষ্টত প্ৰকাশ পোৱা পৰিপূৰক তালিকাত অন্তৰ্ভুক্ত লোকৰ নাম কৰ্তন নকৰাৰ দিশতো নিৰ্দেশ দিবলৈ কয়। আবেদনকাৰীয়ে আবেদনত ২০১৯ চনৰ ৩১ আগষ্টত প্ৰকাশ পোৱা খচৰা নাগৰিক পঞ্জীখনক ভাৰতৰ মহাপঞ্জীয়কে চূড়ান্ত পঞ্জীৰ ৰূপ দিব লাগে বুলি উল্লেখ কৰি এই দিশত সৰ্বোচ্চ ন্যায়ালয়ৰ পৰা নির্দেশ বিচাৰে। লগতে নাম অন্তৰ্ভুক্ত হোৱাসকলক NRC পৰিচয় পত্ৰ প্রদান কৰাৰো পোষকতা কৰে। নাম অন্তৰ্ভুক্ত নোহোৱাসকলক NRC কৰ্তৃপক্ষই শীঘ্ৰে ইয়াৰ কাৰণ জনোৱাৰ দিশটো আবেদনকাৰীয়ে এক নির্দেশ বিচাৰে, যাতে তেওঁলোক আপীল বিচাৰকৰ কাষ চাপিব পাৰে।

Post a Comment

0 Comments