৮ বছৰে জমা কৰা মুদ্ৰাৰে উপেনে কিনিলে সপোনৰ বাহন, পইচা গণি গণি ভাগৰি পৰিল শ্ব’ৰুমৰ কৰ্মচাৰী


 ৮ বছৰে খুচুৰা টকা জমা কৰি ক্ৰয় কৰিলে সপোনৰ দুচকীয়া এক্টিভা বাহন। প্ৰবল হেঁপাহ আৰু ইচ্ছাশক্তিৰে অসম্ভৱ বোলা কাৰ্যও সম্ভৱ কৰিলে উপেন ৰায়ে। খুচুৰা পইচাৰ টোপোলা লৈ মঙলবাৰে গুৱাহাটীৰ বৰাগাঁওস্থিত ৰয়েল ৰাইডাৰ্ছ নামৰ ডিলাৰত উপস্থিত হ’ল উপেন ৰায় আৰু তেওঁৰ পত্নী। সপোন পুৰন কৰাৰ উদ্দেশ্য দুচকীয়া শ্ব’ৰুমত গৈ উপস্থিত হৈছিল দম্পতীহাল। পচন্দ কৰিলে হোণ্ডা এক্টিভা বাহন। আগবঢ়াই দিলে খুচুৰা পইচাৰ টোপোলা।

খুচুৰা পইচা গণি গণি শেষ কৰিব পৰা নাই  দুচকীয়া বাহনৰ শ্ব'ৰুমৰ কৰ্মচাৰীয়ে। ঘণ্টা ঘণ্টা ধৰি গণিছে কিন্তু শেষ কৰিব পৰা নাই। গুৱাহাটীৰ বৰাগাঁওস্থিত ৰয়েল ৰাইডাৰ্ছ নামৰ প্ৰতিষ্ঠানখনত ঘটিল এই আমোদজনক ঘটনা।

উপেন ৰায় নামৰ ব্যক্তিজনে মোনাত ভৰাই অনিলে খুচুৰা পইচা। বিগত ৮ বছৰ ধৰি খুচুৰা পইচা সঞ্চয় কৰিছিল উপেন ৰায়ে। কাৰণ বহু বছৰৰ পৰায়ে লোকজনৰ সপোন  আছিল এখন দুচকীয়া বাহন ক্ৰয় কৰা। সেই উদ্দেশ্যেৰে ২০১৪ চনৰ পৰা ঘৰত জমা কৰিছিল ধন। ঘৰৰ এটা চুঙাত জমা কৰিছিল এটকীয়া, দুটকীয়া ৫ টকীয়া আৰু ১০ টকীয়া মুদ্ৰা। সেই মুদ্ৰা লৈ শ্ব'ৰুমটোত উপস্থিত হয় লোকজনে। লোকজনে ক্ৰয় কৰিলে এখন এক্টিভা বাহন। উপেন ৰায়ৰ সপোন পূৰণ হ’ল, ঘৰলৈ লৈ গ’ল দুচকীয় বাহন। মহানগৰীৰ পশ্চিম বৰাগাঁৱত ভাৰাতীয়া হিচাপে থকা উপেন ৰায়ে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰে।  এই ঘটনাই কিছু আমোদ দিলে শ্ব'ৰুমটোৰ  কৰ্তৃপক্ষক।

Post a Comment

0 Comments