ৰঙালী বিহুত কিয় খোৱা হয় এশ এবিধ শাক? কেৱল পৰম্পৰাই নহয়, আছে বহু স্বাস্থ্যকৰ গুণাগুণ..

 


আজি গৰু বিহু। বতৰে কিছু বিথি পথালি দিছে যদিও প্ৰতিগৰাকী অসমীয়াই এইবাৰ উলহ মালহেৰে আদৰিছে হেঁপাহৰ ৰঙালীক। ৰঙালী বিহুক লৈ ব্যস্ততাৰ সীমা নােহােৱা হৈছে গাঁৱৰ জীয়ৰী - বােৱাৰী , ডেকা গাভৰুসকলৰ। এফালে যদি মাকোৰ শব্দ , আনফালে আকৌ ঢােল - পেঁপাৰ শব্দত ৰজনজনাইছে সমগ্ৰ ৰাজ্য।

বিহু হৈছে কৃষিৰ লগত জড়িত উৎসৱ । এনে উৎসৱত অসমীয়া সমাজ জীৱনৰ কিছুমান এৰাব নােৱাৰা লােক পৰম্পৰা থাকে। ব'হাগ মাহত চলি অহা বিভিন্ন লােক পৰম্পৰাৰ ভিতৰত অন্যতম হ'ল এশ এবিধ শাক খােৱা। সাধাৰণতে ব'হাগ বিহুৰ বতৰত খােৱা এনে শাকৰ ঔষধি গুণে জ্বৰ , কাহ , চর্দি আদিৰ উপশম ঘটাই বুলি অসমীয়া সমাজত জনবিশ্বাস আছে।

.উজনি অসমৰ লগতে নামনি অসমত এনে এশ এবিধ শাক খােৱাৰ প্ৰচলন বিদ্যমান। এই এশ এবিধ শাক খোৱা পৰম্পৰা ঠাই বিশেষে বেলেগ বেলেগ। ব’হাগ মাহৰ যিকোনাে এটা দিনত এই এশ এবিধ শাক খোৱাৰ পৰম্পৰা আছে । কোনাে কোনাে ঠাইত গৰু বিহুৰ দিনা সন্ধিয়া খােৱা হয়। সাধাৰণতে সহজতে পােৱা শাকেই ব্যৱহাৰ কৰা হয় ।


সহজতে লাভ কৰা এনে শাক কিছুমান হ’লঃ


জাতিলাউৰ আগ , বেঁকীয়া , চেংমৰা , ভাত মেটেকা , বিহলঙণি , বৰপুৰৈ , লাচকচি , মধুৰিৰ কুঁহ , মৰাণ আদা , ক'লা শিমলু , চাংগুৰি টেঞ্জ , মধুসুলেং, লৰবৰুৱা , ধুটনি , হেলচি শাক , ৰঙালাউৰ আগ , কলমৌ , মেচাকি , কচলু , মেজেঙা, কোমােৰা কাবৰি , বালি চাপৰি , লফা , চুটিয়া , পালেং , লাই শাক , মেমধু , চলাপালেং, খুতুবা , মাটিমাহ , বেঙেনা , কেৰেলা , জালুক , ভেকুৰী , জিকা , ধুন্দুলি , ভােল , বিলাহী , ভাতকেৰেলা , কলিয়াকচু , দাদাহক , নীলকণ্ঠ , চা , কৰ্শলা বন , জেটুলিপকা , দীঘলতি, জেকা , আনাৰস , দুৱৰি , তুলসী, বৰ মানিমুণি , সৰুমানিমুণি , কুকুৰে মতা , জেতুলীপকা, পনৌনােৱা , তিতাবাহেক , পিকনিবৰুৱা , কৈ - কৈ টেঙা, বনি লতা  উচ্চ , ভেদাইলতা, হেটভেদালি, গান্ধ বিৰিণা, খেৰেজু , বহমথুৰি , তিল , তেতেলি , কেহৰাজ , শেলুক , কেহেৰু, বেতগাজ, তংলতি, সেউতি, তগৰ, খৰিকাজাই, পাৰিজাত, বকুল , কণ্ঠনা, নাহৰ, কপৌফুল, কেক্কেী, চিংৰা, দ্রোণফুল, কেঁতুৰী, লং, গুৱামানি, পদুম, ফুটুক, আদা, এডালিয়া কচু, কচু, বিৰিণা, বছ, মাধেলতা ইত্যাদি। শাকসমুহৰ সলনি অন্য শাকো ব্যৱহাৰ কৰে বহুতে।

Post a Comment

0 Comments