গুৱাহাটীত তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ, সুস্মিতা দেৱ, মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাৰ হুংকাৰ, মহুৱাই ক’লে – অসম্ভৱ নহয় বিজেপিৰ পৰাস্ত কৰাটো


বুধবাৰে গুৱাহাটীত যোগদান সমাৰোহ অনুষ্ঠিত কৰে তৃণমূল কংগ্ৰেছে। TMCৰ যোগদান কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্যিক সভাপতি ৰিপুণ বৰা, সাংসদদ্বয় মহুৱা মৈত্ৰ, সুস্মিতা দেৱ আৰু মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ড০ মুকুল চাংমা। বুধবাৰে বিভিন্ন দলৰ বহু নেতা–কৰ্মীৰ লগতে অগপৰ প্ৰাক্তন মন্ত্ৰী ৰাজেন্দ্ৰ মুছাহাৰীয়ে তৃনমূল কংগ্ৰেছত যোগ দিয়ে।

তৃণমূল কংগ্ৰেছৰ নেতৃত্বই গুৱাহাটীৰ পৰাই বিজেপিক উৎখাতৰ হুংকাৰ দিয়ে। বিজেপিৰ বিৰুদ্ধে যুঁজ দিব মমতা বেনাৰ্জীৰ দলে। ‘মা মাটি মানুহ’ শ্লোগানেৰে বিজেপিক অসমতো পৰাস্ত কৰিব বুলি কয় লোকসভাৰ জনপ্ৰিয় সাংসদ মহুৱা মৈত্ৰই। বুধবাৰৰ টিএমচিৰ সভাত অংশ লোৱা সুস্মিতা দেৱেও কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

কংগ্ৰেছ আৰু এআইইউডিএফ হিমন্ত বিশ্ব শৰ্মাৰ নিয়ন্ত্ৰণত চলে বুলি কয় সাংসদ সুস্মিতা দেৱে। অগপক বিজেপিৰ সংখ্যালঘু কোষ বুলি কোৱা সুস্মিতা দেৱে বিজেপিত পুৰণি লোকৰ মৰ্যাদা নাই বুলিও কয়।

আনহাতে, অসম–মেঘালয়ৰ সীমা বিবাদৰ সমাধান হোৱা নাই। এয়া দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক নাটক আখ্যা ড০ মুকুল চাংমাৰ। ইফালে, নেতা নহয়, তৃণমূল কৰ্মীৰ ওপৰত গুৰুত্ব দিব বুলি মন্তব্য কৰে TMC নেতৃত্বই। ভৱিষ্যতে কংগ্ৰেছ আৰু এআইইউডিএফৰ লগত কেতিয়াও মিত্ৰতা নকৰো বুলি কয় ৰাজ্যিক সভাপতি ৰিপুণ বৰাই।

বুধবাৰৰ সভাত বিভিন্ন দলৰ বহু নেতা–কৰ্মীৰ লগতে অগপৰ প্ৰাক্তন মন্ত্ৰী ৰাজেন্দ্ৰ মুছাহাৰীয়ে তৃণমূল কংগ্ৰেছত যোগ দিয়ে। ইতিমধ্যে অসম TMCত আছে চাৰিবাৰৰ প্ৰাক্তন বিধায়ক গোপীনাথ দাস, প্ৰাক্তন বিধায়িকা মণিকা বৰা। অসম তৃণমূল কংগ্ৰেছৰ গুৱাহাটীৰ মুখ্য কাৰ্য্যালয়টো ৩ মে’ত মুকলি কৰিব।

Post a Comment

0 Comments