বৰপেটাৰ সত্ৰ-নামঘৰত সঘনাই চুৰি, নিশা চিনপৰা ভিঠি থানৰ পৰা চোৰে লুটি নিলে সোণ–ৰূপখচিত মূৰ্তিসহ নগদ ধন


 বৰপেটাৰ সত্ৰ-নামঘৰত সঘনাই চুৰি৷ নিশা চিনপৰা ভিঠি থানত চুৰি পৰা চোৰে চুৰি কৰি নিলে সোণ–ৰূপখচিত মূৰ্তিসহ নগদ ধন৷ বৰপেটা আৰক্ষীৰ নিস্ক্ৰিয়তাৰ সুযোগ  লৈ বৰপেটা চহৰৰ লগতে ইয়াৰ দাতিকাষৰীয়া সত্ৰ থানসমূহ হৈ পৰিছে চোৰৰ লক্ষ্য৷

শেহতীয়াকৈ সঘনাই চুৰিকাৰ্য চলিছে সত্ৰ–থান সমূহত৷ এদিন পুৰ্বে কনৰা সত্ৰত চোৰে লুটপাত চলোৱাৰ পিচত আজি পুনৰ চোৰৰ তাণ্ডব চলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পদৰেণুৰে ৰঞ্জিত চিনপৰা ভিঠি থানত৷

শনিবাৰে নিশা চোৰে চুৰি কাৰ্য সংঘটিত কৰে এই থানখনত৷ বৰপেটা চহৰৰ পালাংদি হাটীত অৱস্থিত থানখনৰ পৰা চোৰে লুটি নিয়ে প্ৰায় ৫০ হাজাৰ টকাৰ লগতে পাঁচযোৰ কাহৰ ভোৰতাল৷ চোৰে থানখনৰ পৰা সোণ–ৰূপ খচিত মূৰ্তি এটিও চুৰি কৰি লৈ যায়৷ লগতে কাঁহ আৰু পিতলৰ চৰিয়া ৬টা আৰু অনুভাষণ যন্ত্ৰৰ এমপ্লিফেয়াৰ বক্স লুটি নিয়ে৷

আজি পুৱা ভকত অহাৰ সময়তে যোৱানিশা চুৰি কাণ্ড সংঘটিত হোৱাৰ কথা পোহৰলৈ আহে৷ বৰপেটা সদৰ থানাৰ পৰা কিছু নিলগৰ এই থানখনৰ পৰা চোৰে চুৰিকাৰ্য সংঘটিত কৰা কাৰ্যই ভকতসকলৰ মনত আঘাত কৰিছে৷

Post a Comment

0 Comments