অভিনেতা আল্লু অৰ্জুনক জৰিমনা আৰক্ষীৰ, কিহৰ বাবে হায়দৰাবাদত জৰিমনা ভৰিলে আল্লু অৰ্জুনে?

 


যদি আপুনি ট্ৰেফিক নিয়ম ভংগ কৰে, আপুনি মাচুল পৰিশোধ কৰিবই লাগিব। ইয়াৰ বাবে আপুনি সাধাৰণ মানুহ হওঁক অথবা কোনোবা ছুপাৰ ষ্টাৰ। হায়দৰাবাদ আৰক্ষীয়ে অতি কঠোৰ হাতেৰে এই নিয়মবোৰ পালন কৰিবলৈ বাধ্য কৰিছে সকলোকে। এইবাৰ, আল্লু অৰ্জুনে নিয়ম ভংগ কৰাৰ বাবে পৰিশোধ কৰিব লগা হ'ল জৰিমনা। ‘পুষ্পা’ ছবিত ‘ঝুকেগা নেহী’ সংলাপেৰে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰা আল্লু অৰ্জুনে হায়দৰাবাদ আৰক্ষীক পৰোশোধ কৰিব লগা হ'ল ৭০০ টকাৰ জৰিমনা।

শেহতীয়া বাতৰি অনুসৰি, তেলেংগানা প্ৰদেশ আৰক্ষীয়ে দক্ষিণৰ তাৰকা অভিনেতা আল্লু অৰ্জুনৰ বিলাসী ৰেঞ্জ ৰভাৰ এছইউভি গাড়ীখনত ক'লা ৰঙৰ গ্লাছ ব্যৱহাৰ কৰাৰ বাবে জৰিমনা বিহিছে । ভাৰতত, গাড়ীৰ খিৰিকীত ক'লা পেপাৰ ব্যৱহাৰ নিষিদ্ধ। ফলশ্ৰুতিত সমগ্ৰ দেশত ‘পুষ্পৰাজ’ চলোৱা আল্লু অৰ্জুনে ৭০০ টকা জৰিমনা হিচাপে দিব লগা হ'ল আৰক্ষীক।

উল্লেখযোগ্য যে, সমগ্ৰ দেশতে  গাড়ীৰ গ্লাছত ক'লা পেপাৰ ব্যৱহাৰ কৰাটো নিষিদ্ধ কৰা হৈছে যদিও প্ৰায়ে বিভিন্ন ভিআইপিয়ে এই নিয়ম ভংগ কৰা দেখা যায়। সাধাৰণতে দেশৰ অন্য প্ৰান্তত ভিআইপিৰ ক্ষেত্ৰত আৰক্ষীৰ নিয়ম কিছু শিথিল হৈ পৰে যদিও হায়দৰাবাদ আৰক্ষীয়ে এইক্ষেত্ৰত ব্যতিক্ৰমী পদক্ষেপৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।

Post a Comment

0 Comments