কোকৰাঝাৰৰ গোচৰত জামিন লাভৰ পিছতে পুনৰ গ্ৰেপ্তাৰ জিগনেশ মেৱানীক, বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিধায়কজনক

 


গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীক পুনৰ গ্ৰেপ্তাৰ। কোকৰাঝাৰৰ গোচৰত জামিনৰ পিছত বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিধায়কগৰাকীক। এগৰাকী মহিলা আৰক্ষীৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে মেৱানীক। কৰ্তব্যত বাধা, শ্লীলতা হানিৰ অভিযোগ মেৱানীৰ বিৰুদ্ধে। বৰ্তমান বৰপেটা সদৰ আৰক্ষীৰ জিম্মাত আছে বিধায়কজন।

সোমবাৰে কোকৰাঝাৰৰ  ফাৰ্ষ্ট ক্লাছ জুডিচিয়েল মেজিষ্ট্ৰেটে জামিন প্ৰদান কৰে বিধায়ক জিগনেশ মেৱানীক। কোকৰাঝাৰত বিয়লি জামিন পোৱাৰ পিছতেই গুজৰাটৰ কংগ্ৰেছী বিধায়ক জিগনেশ মেৱানীক বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ এটা টুইট কৰাৰ বাবে কোকৰাঝাৰ আৰক্ষীয়ে বিধায়ক মেৱানীক গুজৰাটৰ পালনপুৰ আৱৰ্ত ভৱনৰ পৰা ২০ এপ্ৰিল তাৰিখে গ্ৰেপ্তাৰ কৰি আনিছিল। পিছত ২১ এপ্ৰিলত কোকৰাঝাৰৰ আদালতে তেওঁক তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল।

Post a Comment

0 Comments