তেণ্ডুলকাৰৰ চকুত পৰিছে অনুজ ৰাৱট, বিস্ফোৰক বেটছমেনজনক দিলে এই পৰামৰ্শ


 ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL) 2022 ছিজনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে RCB) মুম্বাই ইণ্ডিয়ানছক (MI)ক ৭ উইকেটত পৰাস্ত কৰিছে। এই বিজয়ৰ নায়ক হৈছে ২২ বছৰীয়া বেটছমেন অনুজ ৰাৱট (Anuj Rawat)। অনুজে ৪৭টা বলত ৬৬ ৰাণৰ বিস্ফোৰক ইনিংছ খেলিছিল।

অনুজে মুম্বাই ইণ্ডিয়ানছৰ বলাৰসকলক প্ৰচণ্ড প্ৰহাৰ কৰি ৬টা ছিক্সাৰ আৰু দুটা বাউণ্ডেৰী কোবাইছিল। খেলৰ পিছত অনুজে মুম্বাই ইণ্ডিয়ানছৰ মেণ্টৰ তথা ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ (Sachin Tendulkar)ক লগ কৰে আৰু তেণ্ডুলকাৰে অনুজক বহুমূলীয়া পৰামৰ্শ দিয়ে।

উল্লেখ্য যোৱা কেইটামান ইনিংছ ভাল খেলিব পৰা নাছিল অনুজ ৰাৱটে। এইবাৰ দৃঢ় সংকল্প লৈ ক্ৰিজত নামিছিল আৰু ৬৬ ৰাণৰ বিস্ফওৰক ইনিংছ খেলি আহিল। শচীনৰ সৈতে কথা পতাৰ সময় ত অনুজে লাভ কৰে বেয়া ফৰ্মৰ ধাৰাবাহিকতাৰ পৰা কেনেদৰে ওলাব পাৰি। শচীনে অনুজক এই ক্ষেত্ৰত পৰামৰ্শ দি উপকৃত কৰে।

উল্লেখ্য যে অনুজ ৰাৱটক প্লেয়াৰ অৱ দা মেচ বঁটা দিয়া হয়।

 

Post a Comment

0 Comments