গঁড়ৰ আক্ৰমণত নিহত হোৱা মাজুলীৰ মদন দাসৰ পৰিয়াললৈ আৰ্থিক সাহায্য, মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ ১ লাখ টকাৰ চেক প্ৰদান কৰে বিধায়ক ভূৱন গামে

 


মাজুলীত বিভিন্ন সময়ত কাজিৰঙাৰ পৰা ওলায় অহা এশিঙীয়া গঁড় আৰু বন্য হস্তীয়ে সন্ত্ৰাস চলাই আহিছে। খাদ্যৰ সন্ধানতেই হওঁক বা আন বিভিন্ন কাৰণতেই হওক বা কাজিৰঙাৰ পৰা ওলাই মাজুলীৰ আহতগুৰি মৌজাৰ চৰ-চাপৰি হৈ মাজুলীৰ মূল ভূ-খণ্ডত প্ৰৱেশ কৰি প্ৰতিবছৰে নদীকাষৰীয়া অঞ্চল সমূহত উপদ্ৰৱ চলাই আহিছে। বিগত বৰ্ষতো তিনিটাকৈ গড়ে মাজুলীৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। দুটা গঁড় কাজিৰঙালৈ ঘূৰি যায় যদিও এটা গঁড়ে মাজুলীৰ নামনি অংশত দীৰ্ঘদিন ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে আক্ৰমণ কৰিছিল মাজুলীৰ কৰতিপাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত চামগুৰি গাঁৱৰ মদন দাস নামৰ লোকজনক।

গঁড়টোৰ আক্ৰমণত মদন দাসৰ মৃত্যু ঘটিছিল আৰু তাৰ পিছতে গঁড়টোক কাজিৰঙা অভিমূখে খেদিবলৈ কাজিৰঙাৰ পৰা আনিবলগীয়া হৈছিল দুটা প্ৰশিক্ষণ প্ৰাপ্ত হাতী। যিহেতু মাজুলীত বনকৰ্মী সীমিত আৰু সীমিত সংখ্যক বনকৰ্মীয়ে মাজুলীৰ বিভিন্ন অঞ্চলত বনৰীয়া জীৱ-জন্তুৰ পৰা সুৰক্ষা দিব লগীয়া হয়।

Post a Comment

0 Comments