হিমাচলৰ কাংৰাত পানীত ইফালৰ পৰা সিফাললৈ ঘূৰি আছিল একুৰা সৰু জুই, চাওক আশ্চৰ্যকৰ ঘটনাৰ ভিডিঅ'


 হিমাচল প্ৰদেশৰ কাংৰা জিলাৰ বাণ গংগা অঞ্চলত দেশ আৰু বিদেশৰ লোকসকলে কাংৰাৰ জ্বালামুখী মন্দিৰলৈ আহে। জ্বালামুখী মন্দিৰত (Jwalamukhi temple) আছে জ্বলন্ত জুই, যাৰ বিষয়ে বহুতো বৈজ্ঞানিক যুক্তি দিয়া হৈ আছে। কিন্তু মানুহৰ বিশ্বাসৰ আধাৰত ইয়াত ভিৰ হয় পৰ্যটকৰ।

সম্প্ৰতি ৰাম নৱমীৰ দিনা মানুহে নিজ চকুৰে আন এটা অলৌকিক ঘটনা প্ৰত্যক্ষ কৰে, যিয়ে সকলোকে হতবাক কৰি তোলে। মানুহে অলৌকিক বুলি বিবেচনা কৰা এই দৃশ্য আছিল পানীৰ তলেৰে বৈ থকা একুৰা সৰু জুই। ই সকলোৰে আছিল সঁচাকৈয়ে আশ্চৰ্যকৰ। মানুহে পানীত জ্বলি থকা এই জুই ঘূৰি থকা দেখি ঠাইখিনিৰ প্ৰতি আৰু বিশ্বাসী হৈ পৰে।

এগৰাকী প্ৰত্যক্ষদৰ্শীৰ মতে, যেতিয়া নৱৰাত্ৰি উপলক্ষে তাত উপস্থিত হৈছিল, পানীৰ তলেৰে প্ৰজ্বলিত কিবা এটা তেওঁৰ ফালে আগবাঢ়ি অহা দেখা পায়। সেয়া দেখি লগে লগে এই দৃশ্য ৰেকৰ্ডিং কৰে। ভিডিঅ'টো দেখি বহুতে বিস্ময় প্ৰকাশ কৰাৰ লগতে ই কাংৰাৰ বিখ্যাত শক্তিপীঠৰে মাহাত্ম্য বুলি উল্লেখ কৰে।

Post a Comment

0 Comments