নাগপুৰৰ আকাশত কি এই জ্বলন্ত অগ্নিপিণ্ড, উল্কা নে অন্য কিবা? চাওক ভিডিঅ'

 


মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশৰ লোকসকলে শনিবাৰে নিশা আকাশত দেখা পালে  আচৰিত দৃশ্য। উল্কা পাত (Meteor Shower) যেন লগা কিছু অগ্নিপিণ্ড আকাশৰেৰে উৰি গৈ থকা দেখিছিল লোকসকলে। এই জুই শিখাই যেন বায়ুমণ্ডল কাটি উজ্জ্বল পথ এটা তৈয়াৰ কৰি গৈ আছিল।

মহাৰাষ্ট্ৰৰ নাগপুৰ আৰু মধ্য প্ৰদেশৰ ঝাবুৱা আৰু বৰৱানী জিলাৰ আকাশত এই দৃশ্য দেখা গৈছিল শনিবাৰে নিশা। চাওক ভিডিঅ'

সাধাৰণতে পপীয়া তৰা বুলি জনা যায় এই সমূহ উল্কাপিণ্ডক। কিন্তু শনিবাৰে নিশা দেখা পোৱা পপীয়া তৰা সাধাৰণতকৈ অধিক সময় ধৰি দেখা গৈছিল আকাশত।

NASAৰ মতে বছৰত প্ৰায় ৩০টা উল্কাপাতৰ এনে ঘটনা ঘটে। বিজ্ঞানীসকলেও এইয়া এক উল্কাপাতৰ ঘটনা বুলিয়েই অভিহিত কৰিছে যদিও গৱেষণা অব্যাহত আছে।

Post a Comment

0 Comments