নতুন ব্যৱসায় আৰম্ভ কৰাৰ আগতে ট্ৰাকত ৰাখিলে কণমানি জীয়েকৰ পদচিহ্ন, হৃদয় জিনিলে ভাইৰেল ভিডিঅ'ৱে

 


পিতৃ-কন্যাৰ সম্পৰ্ক সদায়ে মধুৰ। সকলো সন্তানেই পিতৃ-মাতৃৰ বাবে বিশেষ যদিও পিতৃ-কন্যাৰ সম্পৰ্ক তাতকৈ বিশেষ। পিতৃ-কন্যাৰ এনে সম্পৰ্কৰ (father daughter relationship) ভিত্তিতে পিতৃয়ে ব্যৱসায় আৰম্ভ কৰাৰ আগেয়ে জীয়াৰীৰ দ্বাৰা কৰা এক মাংগলিক কাৰ্যৰ ভিডিঅ' সম্প্ৰতি ভাইৰেল হৈ পৰিছে।

শেহতীয়াকৈ, ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই ভিডিঅ'ত দেউতাকে তেওঁৰ সৰু ছোৱালীজনীৰ পদচিহ্ন এখন নতুন ট্ৰাকত (new truck) দিয়া দেখা গৈছে, যাতে তেওঁৰ নতুন ব্যৱসায় (new business) আৰম্ভণিৰে পৰা ভাল হয়।

এই ভিডিঅ'টো নেটিজেনৰ দ্বাৰা টুইটাৰত শ্বেয়াৰ কৰা হৈছিল। তাৰ পিছত একাধিক প্লেটফৰ্মত ই প্ৰসাৰ হয়। দেউতাকে তেওঁৰ নতুন ট্ৰাকৰ সন্মুখত তেওঁৰ জীয়েকৰ ৰঙা পদচিহ্ন দিয়া কথাটো তেনেই সাধাৰণ যদিও ই ভাইৰেল হৈ পৰে। হয়তো ইয়াৰ শিৰোনামটোৱে সকলোকে আকৰ্ষণ কৰে। শিৰোনাম দিয়া হৈছিল- ''কন্যাসন্তান আশীৰ্বাদ স্বৰূপ'' (Betiya are blessings)।

Post a Comment

0 Comments