যুজবেন্দ্ৰ চহলৰ দৰ্শনীয় হেট্ট্ৰিক, কলকাতা নাইট ৰাইডাৰ্ছ পৰাস্ত

 


যুজবেন্দ্ৰ চহল (Yuzvendra Chahal)ৰ দৰ্শনীয় হেট্ট্ৰিকৰ সহায়ত কলকাতা নাইট ৰাইডাৰ্ছ (Kolkata Knight Riders)ক ৭ ৰাণত পৰাস্ত কৰিলে ৰাজস্থান ৰয়েলছে (Rajasthan Royals)। ১৯ অভাৰ দুটা বলত আটাইকেইটা উইকেট হেৰুৱাই কলকাতাই ২১০ ৰাণ কৰিবলৈ সক্ষম হয়।

১৭ নম্বৰ অভাৰত যুজবেন্দ্ৰ চহলে প্ৰথমটো বলতে ভেংকটেশ আয়াৰক আউট কৰে। তাৰ পিছত ৪ নম্বৰ বলটোত কলাকাতাৰ কেপ্টেইন শ্ৰেয়াশ আয়াৰক LBW আউট কৰি ৰাজস্থান ৰয়েলছক ডাঙৰ সকাহ দিয়ে। ৫ নম্বৰ বলটোত চহলৰ চিকাৰ হয় শিৱম মাভি। মাভিৰ কেছ ধৰে ৰিয়ান পৰাগে। ৬ নম্বৰ বলটোত চহলে আউট কৰে পেট কামিন্সক। উইকেট কীপাৰ কেপ্টেইন সঞ্জু ছেমছনে কেছ কৰে কামিন্সক।

IPLত এইটো চহলৰ প্ৰথমটো হেট্ট্ৰিক। খেলখনত মুঠ ৫টা উইকেট দখল কৰে চহলে। শ্ৰেয়াশ আয়াৰ,  ভেংকটেশ আয়াৰ, শিৱম মাভি, পেট কামিন্সৰ উপৰি নিতিশ ৰাণাৰো উইকেট দখল কৰে চহলে।

Post a Comment

0 Comments