মুম্বাইৰ বিৰুদ্ধে জয়লাভৰ পিছতে হৰ্ষল পেটেলে পালে ভগ্নীৰ মৃত্যুৰ খবৰ


 ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বলাৰ হৰ্ষল পেটেলে কালি আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ভাল প্ৰদৰ্শন দেখুৱাইছিল। তেওঁ ৪ অভাৰ বল কৰি ২৩ ৰানত ২টা উইকেট লৈছিল। তেওঁৰ দলটোৱে সহজে খেলখন ৭ উইকেটত জিকিছিল। কিন্তু দলৰ বিজয় উদযাপনৰ মাজতে ক্ৰিকেটাৰজনে পাইছিল এটা কৰুণ খবৰ, যি তেওঁ কেতিয়াও সপোনতো ভবা নাছিল। পেটেলে (Harshal Patel) খেলৰ সমাপ্তিৰ পিছতে গম পায় যে তেওঁৰ ভনীয়েকৰ মৃত্যু হৈছে। এই  কৰুণ খবৰটো পোৱাৰ পিছত হৰ্ষলে লগে লগে ঘৰলৈ গুচি গৈছিল।

আৰচিবিৰ (Royal Challengers Bangalor) সূত্ৰ অনুসৰি, হৰ্ষলে তেওঁৰ ভগ্নীৰ মৃত্যুৰ খবৰ পোৱাৰ পিছত খেলপথাৰৰ পৰা ঘৰলৈ ৰাওনা হয়। তেওঁ আনকি পুনেৰ পৰা মুম্বাইলৈ উভতি যাবলৈ দলৰ বাছত উঠিব পৰা নাছিল। খবৰ অনুসৰি, গুজৰাট নিবাসী হৰ্ষল পেটেলৰ ভনীয়েক কোনো ৰোগত ভুগি আছিল। মঙলবাৰে চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে আৰচিবিৰ এখন খেল আছে। সেই খেলখনৰ আগতে হৰ্ষলে ঘূৰি আহিব নে কি জানিব পৰা হোৱা নাই।

Post a Comment

0 Comments