হাতীৰ গোবৰৰ পৰা কাগজ প্ৰস্তুত কৰাত ব্যস্ত এটা পৰিয়াল! ৩০খন দেশত বিক্ৰী কৰা হৈছে পেপাৰ

 


আপুনি শুনি আহিছে যে, কাগজ তৈয়াৰ কৰিবলৈ কিমান গছ কাটিবলগীয়া হয়। সেয়েহে শিশুসকলক জ্যেষ্ঠজনে সদায় কাগজ অপচয় নকৰিবলৈ কয়। পিছে এইবাৰ কাগজ তৈয়াৰ কৰিবলৈ এক ব্যতিক্ৰমী উপায় উলিয়াইছে এটা পৰিয়ালে।

শ্ৰীলংকাত, এজন ব্যক্তিয়ে হাতীৰ গোবৰৰ পৰা কাগজ তৈয়াৰ কৰিবলৈ বিশেষ পন্থা উপায় উলিয়াইছে। আৰু এই কাগজ প্ৰায় ৩০ খন দেশলৈ বিক্ৰীৰ বাবে পঠিয়াইছে।

থুচিথা ৰাণাসিংহে আৰু তেওঁৰ পৰিয়ালৰ তিনিজন পুত্ৰ কাগজৰ ব্যৱসায়ৰ সৈতে জড়িত। কিন্তু ২৪ বছৰ পূৰ্বে থুচিতাই এক আশ্চৰ্যকৰ ধাৰণা লৈ আহিছিল যিয়ে তেওঁৰ ব্যৱসায়ক অধিক সম্প্ৰসাৰিত কৰিছিল। বাতৰি অনুসৰি, ১৯৯৬-১৯৯৭ চনত থুচিথাই হাতীৰ গোবৰৰ পৰা কাগজ তৈয়াৰ কৰাৰ পৰিকল্পনা কৰিছিল।

খ্ৰীষ্টান চাইন্স মনিটৰ ৱেবছাইটৰ প্ৰতিবেদন অনুসৰি, শ্ৰীলংকাত ২৫০০ৰ পৰা ৪০০০ হাতী আছে। সেয়েহে দেশখনত হাতীৰ মলৰ কোনো অভাৱ নাই। হাতীৰ মলত বৃহৎ পৰিমাণৰ আঁহ থাকে। তাৰ ফলত কাগজ সহজে প্ৰস্তুত কৰিব পৰা যায়। আৰম্ভণিতে, একাংশ লোকে এনেদৰে গোবৰৰ পৰা কাগজ বনোৱাৰ ব্যৱসায়ত আপত্তি কৰিছিল, কিন্তু যেতিয়া এই ব্যৱসায়ে গ্ৰাম্য আৰু দৰিদ্ৰ লোকসকলক সংস্থাপিত কৰিবলৈ ধৰে তেতিয়াৰ পৰা সকলোৱে ইয়াক গ্ৰহণ কৰিবলৈ লয়।

থুচিথাই ১৯৯৭ চনত ৭ জন লোকৰ সৈতে ইকো মেক্সিমাছ নামৰ এটা কোম্পানী আৰম্ভ কৰিছিল আৰু এটা সৰু কাৰখানা স্থাপন কৰিছিল। কোম্পানীটোত এতিয়া ১২০ জন কৰ্মচাৰী আছে। যিসকলে দেশৰ বিভিন্ন স্থানৰ পৰা কাম কৰি আছে। কোম্পানীটোৱে মিলেনিয়াম এলিফেণ্ট ফাউণ্ডেচনৰ পৰা হাতীৰ গোবৰ সংগ্ৰহ কৰে, যি হৈছে এক বেচৰকাৰী সংগঠন য'ত হাতীৰ যত্ন লোৱা হয়।

Post a Comment

0 Comments