দেওবাৰে পুনৰ বাঢ়িল পেট্ৰ’ল–ডিজেলৰ দাম, ১৩ দিনত ১১ বাৰ বাঢ়িৰ ইন্ধনৰ মূল্য


 দেওবাৰে পুনৰ বাঢ়িল পেট্ৰ’ল–ডিজেলৰ দাম। প্ৰতিলিটাৰত ৮০ পইচাকৈ বৃদ্ধি কৰা হ’ল পেট্ৰ’ল–ডিজেলৰ দাম Petrol Diesel Prices Today)। এই নতুন দাম বৃদ্ধিৰ ফলত বিগত ১৩টা দিনত মুঠ ৮ টকা বৃদ্ধি পালে প্ৰতিলিটাৰ ইন্ধনৰ দাম! ৰাজ্যৰ খুচুৰা ইন্ধন বিক্ৰেতাসকলে জাৰি কৰা মূল্য অনুসৰি, দিল্লীত পেট্ৰ’লৰ দাম এতিয়া প্ৰতিলিটাৰত ১০৩.৪১ টকা, যিটো পূৰ্বে আছিল ১০২.৬১ টকা। ডিজেলৰ দাম প্ৰতিলিটাৰত আজি ৯৩.৮৭ টকাৰ বৃদ্ধি হৈ হৈছে ৯৪.৬৭ টকা।

মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ দাম ক্ৰমে ১১৮.৪১ টকা (৮৪ পইচা বৃদ্ধি) আৰু ১০২.৬৪ টকা (৮৫ পইচা বৃদ্ধি। চেন্নাইত ৭৫ পইচাকৈ বৃদ্ধিৰ পিছত প্ৰতিলিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ দাম ক্ৰমে ১০৮.৯৬ টকা আৰু ৯৯.০৪ টকা। কলকাতাত পেট্ৰ’লৰ দাম ১১৩.০৩ টকা (৮৪ পইচা বৃদ্ধি) আৰু ডিজেলৰ দাম ৯৭.৮২ টকা (৮০ পইচা বৃদ্ধি)।

Post a Comment

0 Comments