ব্ৰিটিছ প্ৰধানমন্ত্ৰী ৰূপে প্ৰথমবাৰৰ বাবে ভাৰতলৈ আহিব বৰিছ জনছন, ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজতে এই ভ্ৰমণে কি ইংগিত দিব?

 


ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰাৰ কথা আছে। বৰিছ জনছনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বাণিজ্য আৰু নিৰাপত্তাৰ বিষয়বোৰ আলোচনা কৰিব বুলি জানিব পৰা গৈছে। জনছনে (UK PM Boris Johnson) ভ্ৰমণৰ পূৰ্বে এক বিবৃতিত কয়- "যিহেতু আমি স্বৈৰাচাৰী ৰাজ্যসমূহৰ পৰা আমাৰ শান্তি আৰু সমৃদ্ধিৰ প্ৰতি ভাবুকিৰ সন্মুখীন হৈ আছোঁ, সেয়েহে গণতন্ত্ৰ আৰু বন্ধুবৰ্গ একেলগে থকাটো গুৰুত্বপূৰ্ণ।"

উল্লেখ্য, ইউক্ৰেইনত ৰাছিয়াৰ (Russia-Ukraine war) আক্ৰমণ সন্দৰ্ভত ব্ৰিটেইন আৰু ভাৰতৰ ভিন্ন দৃষ্টিভংগী আছে। এফালে, লণ্ডনে মস্কোৰ ওপৰত অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰিছে আৰু কিয়েভক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিছে। আনহাতে, মোদী চৰকাৰে ৰাছিয়াক মুকলিকৈ গৰিহণা দিয়া নাই। ভাৰতে কৈছে যে ৰাছিয়া ভাৰতৰ পুৰণি বন্ধু আৰু দেশৰ বৈদেশিক নীতিৰ এক অপৰিহাৰ্য স্তম্ভ।

ব্ৰিটিছ প্ৰধানমন্ত্ৰী জনছনে ২১-২২ এপ্ৰিলৰ ভ্ৰমণত চাকৰি সৃষ্টি আৰু অৰ্থনৈতিক বিকাশৰ (job creation and economic growth) পৰা শক্তি সুৰক্ষা আৰু প্ৰতিৰক্ষালৈকে বিভিন্ন বিষয়ৰ ওপৰত গুৰুত্ব দিব। "এক মুখ্য অৰ্থনৈতিক শক্তি আৰু বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ হিচাপে ভাৰত বৰ্তমান ইউকেৰ বাবে এক গুৰুত্বপূৰ্ণ কৌশলগত অংশীদাৰ।" জনছনৰ কাৰ্যালয়ে কয়।

সংবাদ পত্ৰত প্ৰকাশ পোৱা মতে, গুজৰাটত ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে নতুন বিজ্ঞান, স্বাস্থ্য আৰু প্ৰযুক্তি প্ৰকল্পৰ লগতে যুক্তৰাজ্য আৰু ভাৰতৰ মুখ্য উদ্যোগসমূহত বৃহৎ বিনিয়োগৰ কথা ঘোষণা কৰাৰ সম্ভাৱনা আছে। বৰিছ জনছনে ব্ৰিটেইন আৰু ভাৰতৰ মাজত মুক্ত বাণিজ্য চুক্তিৰ ওপৰত আলোচনাত 

Post a Comment

0 Comments