অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জনালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে, লগতে দিলে বিশেষ বাৰ্তা!

 


প্ৰায় দুটা বছৰৰ পিছত এইবাৰ অতি উলহ-মালহেৰে ৰঙালী বিহু উদযাপন কৰিছে অসমবাসীয়ে। ৰাজ্যবাসীক হেঁপাহৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও। প্ৰধানমন্ত্ৰী মোদীৰ লগতে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালেও অসমবাসীক জনাইছে ৰঙালী বিহুৰ শুভেচ্ছা।

সন্মুখত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন। প্ৰথমবাৰলৈ গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে আম আদমী পাৰ্টী। দলটোৱে অসমত সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ চেষ্টা কৰি আছে। সেইসময়তে অসমীয়াতে লিখি টুইটাৰ যোগে অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জনালে দলটোৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে আগন্তুক অসমীয়া নৱবৰ্ষই প্ৰতিগৰাকী লোকলৈ সুখ, শান্তি, সমৃদ্ধি আৰু আনন্দ কঢ়িয়াই অনাৰ বাৰ্তা দিছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

Post a Comment

0 Comments