১৪ দিনৰ ভিতৰত ১২ দিনেই পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধি, আজি গুৱাহাটীত কিমান দাম?

 


বিগত ১৪ দিনৰ ভিতৰত ১২ বাৰ পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধি, তুমুল মূল্যবৃদ্ধিৰ নাগপাশত আবদ্ধ সাধাৰণ মানুহ।

দেওবাৰ অৰ্থাৎ ৩ এপ্ৰিলত পুনৰ পেট্ৰ’পণ্যৰ মৃল্যবৃদ্ধিৰ ফলত মূৰত হাত দিছে সাধাৰণ জনতাই।

দেওবাৰে একেলগে চিএনজিৰ দাম তৃতীয়বাৰ বৃদ্ধি হ’বলৈ আৰম্ভ কৰিছে। পেট্ৰ’ল–ডিজেলৰ নতুন দাম সোমবাৰে কাৰ্যকৰী হৈছে।

খনিজ তেল সৰবৰাহকাৰী প্ৰতিষ্ঠানৰ ফালৰ পৰা জানিব পৰা গৈছে পেট্ৰ’ল–ডিজেলৰ দাম ৪০ পইচাকৈ বৃদ্ধি হৈছে।

এই বৃদ্ধিৰ সৈতে এতিয়ালৈ পেট্ৰ’ল–ডিজেলৰ দাম ৮.৪০ পইচা পৰ্যন্ত প্ৰতিলিটাৰত বৃদ্ধি হৈছে।

এই মূল্যবৃদ্ধিৰ সৈতে দেশৰ ৰাজধানী দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১০৩.৮১ টকা আৰু ডিজেলৰ দাম প্ৰতিলিটাৰত ৯৫.০১ টকা বাঢ়িছে।

চিএনজিৰ দামো ৮০ পইচা প্ৰতি কিলোগ্ৰামত বৃদ্ধি হৈছে। এই বৃদ্ধিৰ পিছত দিল্লীত চিএনজিৰ নতুন দাম ৬১.৬১ টকা হৈছে। চিএনজিৰ দামো এক সপ্তাহত ২.৪০ টকা কিলোগ্ৰামত বৃদ্ধি পাইছে ইয়াৰ মাজতে।

 

নিজৰ চহৰৰ পেট্ৰ’ল–ডিজেলৰ লেটেষ্ট দাম জানিবলৈ SMS কৰক 9224992249 নম্বৰত। কোড ইণ্ডিয়ান অইলৰ বেৱছাইটত পাব। আজি গুৱাহাটীত পেট্ৰ’লৰ দাম ১০৩.৮৮ টকা আৰু ডিজেলৰ ৮৯.৭১ টকা প্ৰতিলিটাৰত।

Post a Comment

0 Comments