মোবাইল ফোনৰ সোণালী জয়ন্তী, প্ৰথমটো মোবাইল ফোন কেতিয়া হৈছিল ব্যৱহাৰ জানেনে?

 


আজিৰ বিশ্বত মোবাইল ফোন (Mobile phone)ৰ অবিহনে যেন মানুহৰ জীৱন অথৰ্ব হৈ পৰিছে। এনে এটা মুহূৰ্ত নাই যে আমি মোবাইলটোৰ অবিহনে থাকিব পাৰোঁ। প্ৰতিটো কামত আমাক এতিয়া মোবাইল ফোনটো লাগেই। দিনে দিনে এই প্ৰযুক্তিৰ ব্যৱহাৰ বাঢ়ি গৈ আছে। নিত্য-নতুন বৈশিষ্টৰে মোবাইল ফোনে আমাৰ জীৱনৰ গতি ধাৰাই সলনি কৰি পেলাইছে। এক কথাত খাদ্য আৰু বস্ত্ৰৰ দৰেও মোবাইল ফোনটো যেন আমাৰ জীৱনৰ এৰাব নোৱাৰা অংগ হৈ পৰিছে। এনে বহুলোক আছে যি মোবাইলটো হাতত নাপালেই অস্থিৰ হৈ পৰে, যেন উশাহ ছুটী হৈ পৰিছে। জীৱনটোৱেই যেন এতিয়া মোবাইল হৈ পৰিছে। পিছে আপুনি জানেনে প্ৰথম মোবাইল ফোন (The First Mobile phone)টো কেতিয়া ব্যৱহাৰ হৈছিল।

যদিও আমাৰ দেশত মোবাইলৰ ব্যৱহাৰ মাত্ৰ দুই দশক পুৰণি, আপুনি জানি আচৰিত হ'ব যে মোবাইল ফোনৰ ব্যৱহাৰৰ সোণালী জয়ন্তী (Golden Jubilee)পতাৰ সময় হৈছে। অৰ্থাৎ বছৰৰ হিচাপত ৫০ বছৰ হ'বৰ হ'ল মোবাইল ফোনৰ। অহা বছৰ আজিৰ দিনটোতেই মোবাইল ফোনৰ সোণালী জয়ন্তী।

Post a Comment

0 Comments