৮০ হাজাৰতকৈও অধিক দৰমহা! এই চাকৰিত দ্বাদশ শ্ৰেণী উত্তীৰ্ণইয়ো কৰিব পাৰিব আবেদন...


 কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীয়ে (চিআইএছএফ) হেড কনিষ্টবল পদত নিযুক্তিৰ বাবে এক জাননী জাৰি কৰিছে। চাকৰি প্ৰাৰ্থীয়ে উপযুক্ত অৰ্হতা থাকিলে অনলাইনৰ জৰিয়তে আবেদন জনাব কৰিব পাৰিব।

আগ্ৰহী প্ৰাৰ্থীসকলক চিআইএছএফ অৰ্থাৎ কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ স্পোৰ্টছ কোটাৰ অধীনত হেড কনিষ্টবল পদৰ বাবে আবেদন জনাবলৈ কোৱা হৈছে। আগ্ৰহী প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবছাইট cisf.gov.in-ৰ জৰিয়তে জিডি কনিষ্টবল পদৰ বাবে আবেদন কৰিব পাৰিব। আবেদন কৰাৰ অন্তিম তাৰিখ ৭ এপ্ৰিল, ২০২২ নিৰ্ধাৰণ কৰা হৈছে।

হেড কনিষ্টবলৰ ২৪৯টা পদৰ বাবে বিজ্ঞাপন জাৰি কৰা হৈছে। আবেদনকাৰী আগ্ৰহী প্ৰাৰ্থীজন ৰাজ্যিক, ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় স্তৰৰ ক্ৰীড়া প্ৰতিযোগিতাত ভাগ লোৱা হব লাগিব। লগতে প্ৰাৰ্থী দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হব লাগিব।

যদি এই পদত নিযুক্তি লাভ ৰা সকলে নিৰ্ধাৰিত গাঁথনি অনুসৰি দৰমহা লাভ কৰিব। প্ৰতিমাহে ২৫,৫০০ৰ টকাৰ পৰা ৮১,১০০টকালৈকে লাভ কৰিব দৰমহা।

এই পদৰ বাবে আবেদন কৰিবলৈ, প্ৰাৰ্থীৰ বয়স ১৮-২৩ বছৰৰ ভিতৰত হ'ব লাগে। চাকৰি প্ৰাৰ্থীসকলে এই সন্দৰ্ভত বিৱৰণ জানিবলৈ cisf.gov.in অফিচিয়েল ৱেবছাইটৰ সৈতে যোগাযোগ কৰিব পাৰে।

Post a Comment

0 Comments